প্ৰমাণ প্ৰত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ নকৰিবলৈ গাঁও প্ৰধানক সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Sep 18, 2021, 5:15 PM IST

thumbnail

নলবাৰীৰ ঘগ্ৰাপাৰ আৰ নলবাৰী ৰাজহ চক্ৰৰ গাঁও প্ৰধানৰ কাৰ্যালয় মেৰামতিৰ বাবে পাঁচ লাখ টকা ঘোষণা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ । শনিবাৰে নলবাৰীত অনুস্থিত গাঁও প্ৰধান সন্মিলনত এই ঘোষণা কৰে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । একেদৰে সভাখনতে গাঁও প্ৰধানক তীব্ৰ সকীয়নি প্ৰদান কৰে জয়ন্তমল্ল বৰুৱাই ৷ তেওঁ কয় যে, কোনো সাধাৰণ লোকক হাৰাশাস্তি কৰিব নোৱাৰিব গাঁও প্ৰধানে ৷ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নামত ধনৰ লেনদেন বন্ধ কৰিব লাগিব বুলিও জয়ন্ত মল্ল বৰুৱাই গাঁও প্ৰধান সকলক সকিয়াই দিয়ে ৷ উল্লেখ্য যে,, নলবাৰী সমষ্টিৰ গাঁও প্ৰধান সকলক লৈ নলবাৰীৰ বৰদৈচিলা লজত অনুস্থিত হৈছিল এই গাঁও প্ৰধান সকলৰ সন্মিলন খন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.