ETV Bharat / state

বিদ্যুৎ যোগান নথকাকৈয়েই কাটিছে মাচুল: ক্ষোভিত সোণাৰিৰ উপভোক্তা - Charaideo Electrical Sub Division

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:50 PM IST

Charaideo APDCL
বিদ্যুৎ যোগান নথকাকৈয়েই কাটিছে মাচুল(Etv Bharat Assam)

Charaideo APDCL: ছয়দিনে অন্ধকাৰত ডুব গৈ আছে চৰাইদেউৰ ভিন্ন প্ৰান্ত ৷ কিন্তু স্মাৰ্ট মিটাৰৰ জৰিয়তে কটা হৈছে মাচুল ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে উপভোক্তাসকল ৷

বিদ্যুৎ যোগান নথকাকৈয়েই কাটিছে মাচুল (Etv Bharat Assam)

ডিব্ৰুগড়, 2 মে’: ভয়ংকৰ ধুমুহাৰ পিচতে চৰাইদেউ জিলাবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 6 দিনে অন্ধকাৰত ডুব গৈ আছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে জিলাখনৰ প্ৰায়সমূহ অঞ্চল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ধুমুহাই সমগ্ৰ চৰাইদেউ জিলাখনতে বিস্তৰ ক্ষতিসাধন কৰা লগতে বিদ্যুৎ ব্যৱস্থাপনা তচনচ কৰি পেলোৱাৰ ফলত সোণাৰিত 6 দিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ আছে । কেৱল কেইগৰাকীমান কৰ্মীয়ে কাম কৰি থকাৰ ফলত বাবে বিদ্যুৎ ব্যৱস্থাপনা কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ ৰাইজৰ ।

6 দিনে অন্ধকাৰত থকা সোণাৰিৰ ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে । চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ আৰু উপকণ্ঠ বহু এলেকাত ২৭ এপ্ৰিলৰ নিশা প্ৰায় ৯ বজাৰ পৰা বিদ্যুৎসেৱা বিচ্ছিন্ন হৈ আছে । সমান্তৰালভাৱে বিদ্যুৎ যোগান নথকাকৈ বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে এই কেইদিনত বিদ্যুৎ ব্যয়ৰ নামত মাচুল কটাক লৈ ক্ষোভিত হৈ পৰিছে উপভোক্তাসকল ।

বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে বিভাগটোৱে লুণ্ঠনৰাজ চলোৱা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে । বিষয়টোত জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে । আনহাতে বিভাগীয় কৰ্তৃপক্ষই এই সমস্যা সমাধান হ'ব বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে স্পষ্টীকৰণ ।

বিদ্যুৎ বিভাগৰ স্পষ্টীকৰণৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । কিয়নো বিদ্যুৎ বিভাগে সামাজিক মাধ্যমত লিখিছে ‘‘ইয়াৰ দ্বাৰা সন্মানীয় বৈদ্যুতিক গ্ৰাহকসকলক জনোৱা যায় যে চৰাইদেউ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনত অধিকাংশ অঞ্চল বতাহ ধুমুহাৰ ফলত এই দুদিন সম্পূৰ্ণৰূপে বৈদ্যুতিক লাইন বিকল হৈ আছে ।

এই সময়খিনিত যিসকল Pre-paid গ্ৰাহকৰ জমা থকা মাচুল কৰ্তন হৈছে, পুনৰ বৈদ্যুতিক সংযোগ হোৱাৰ পিচত কৰ্তন যোৱা বেলেন্সসমূহ মিটাৰ ৰিডিং অনুযায়ী আপোনা-আপুনি মিলাই দিয়া হ’ব ।’’ বিভাগটোৰ এই স্পষ্টীকৰণৰ পিচতে ৰাইজে প্ৰশ্ন কৰিছে- বিকল হৈ থকা লাইনেৰে বিদ্যুৎ প্ৰৱাহিত নোহোৱাকৈ স্মাৰ্ট মিটাৰে কেনেকৈ মিটাৰ ৰিডিং শ্ব' কৰিলে? ৰাইজক স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠনৰাজ চলোৱাৰ নতুন কৌশল লোৱা বুলি অভিযোগ উত্থাপিত হৈছে ।

যি অভিযোগ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে উত্থাপন কৰি আহিছিল যদিও চৰাইদেউ জিলাৰ সোণাৰিৰ এই ঘটনাই অভিযোগ সত্য প্ৰমাণিত কৰিলে বুলিও চৰ্চিত হৈছে ।

লগতে পঢ়ক: ম’বাইল ফোনেৰে কথা পাতি গৈ আছিল লোক, মহতিয়াই নিলে ৰে’লে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.