অসম

assam

Mother of Bhabesh Kalita passes away: মাতৃহাৰ হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 3:07 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃ যমুনাৱালা ডেকাৰ বিয়োগ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ ৷

Mother of state BJP president Bhabesh Kalita passes away
মাতৃহাৰ হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 16 ছেপ্টেম্বৰ : মাতৃহাৰা হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা ৷ শনিবাৰে পুৱা ৰঙিয়া মহকুমাৰ সুতৰকুছি গাঁৱৰ নিজ বাসগৃহতে মৃত্যুক সাৱটি লয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃ যমুনাৱালা ডেকাই ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা শাৰীৰিক ভাবে অসুস্থ হৈ থকা বিধায়কগৰাকীৰ মাতৃ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ।

বিধায়কগৰাকীৰ মাতৃৰ মৃত্যুত সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পৰিছে । ধৰ্মপ্ৰাণ যমুনাবালা ডেকাৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে অগণন ব্যক্তি তথা দলীয় বিধায়কসকলে কলিতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৰঙিয়াৰ বিধায়ক গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰে ৷

বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ মাতৃৰ মৃত্যুত সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ কৰ্মকৰ্তা, বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ-পৌৰপতি বিদ্যুত ডেকা, ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি দ্বীপেন শইকীয়া, নগৰ ব্লকৰ সভানেত্ৰী দীপ্তি লহকৰ, যুৱ মৰ্চাৰ টাউন মণ্ডলৰ সভাপতি অনুষ্ময় কলিতা, মহিলা মৰ্চাৰ ৰঙিয়া ব্লক মণ্ডলৰ সভানেত্ৰী গীতিকা দাস আৰু ৰঙিয়া প্ৰেছ ক্লাবৰসমূহ কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জনোৱাৰ লগতে প্ৰয়াতযমুনাৱালা ডেকাৰ আত্মাৰ চিৰশান্তি কামনা কৰে ।

লগতে পঢ়ক:Crime branch raid: ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

ABOUT THE AUTHOR

...view details