অসম

assam

কামৰূপ আৰক্ষীৰ জালত 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক

By

Published : Oct 29, 2021, 11:25 AM IST

বৃহস্পতিবাৰে কামৰূপ আৰক্ষী(Kamrup Police)ৰ অভিযানত জব্দ 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক ৷ আমিনগাঁৱৰ জয়গুৰুত নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ চৌহদৰ পৰা জব্দ কৰা হয় চোৰাং গৰুকেইটা ৷ গৰুৰ অবৈধ ছিণ্ডিকেট(Illegal Cow Syndicate)ৰ সৈতে জড়িত 9 জনক আটক কৰিছে আৰক্ষীয়ে ৷

kamrup police seized truck carrying 64 cows illegaly at amingaon
কামৰূপ আৰক্ষীৰ জালত 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক

বাইহাটা, 29 অক্টোবৰ : ৰাজ্যত ভিন্ন প্ৰান্তত অব্যাহত আছে গৰুৰ অবৈধ ছিণ্ডিকেট(Illegal Cow Syndicate) ৷ অবৈধ গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অতৰ্কিত অভিযান চলাই আহিছে কামৰূপ আৰক্ষী(Kamrup Police)য়ে ৷ এইবাৰ আমিনগাঁৱৰ জয়গুৰুত বৃহস্পতিবাৰে অভিযান চলাই 64 টাকৈ চোৰাং গৰু জব্দ কৰে আৰক্ষীয়ে ৷

জয়গুৰুস্থিত নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ চৌহদৰ পৰা জব্দ কৰা হয় চোৰাং গৰুকেইটা ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰৰ পৰা আগৰতলালৈ সৰবৰাহৰ বাবে অনা হৈছিল অবৈধ গৰু কেইটা । তিনিদিন পূৰ্বে বিহাৰৰ পৰা ট্ৰাকেৰে অনা চোৰাং গৰু কেইটা ৰখা হৈছিল নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ চৌহদত ।

কামৰূপ আৰক্ষীৰ জালত 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক

কামৰূপ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে AS-01-HC0-5596 নম্বৰৰ গৰুভৰ্তি ট্ৰাকখন ৷ ইতিমধ্যে গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত 9 টা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ স্বত্বাধিকাৰী মিৰ আহমেদ চৰকাৰ, ৰাতুল আহমেদ, কনক ডেকা, বিহাৰৰ বীৰেন্দ্ৰ কুমাৰ, বালেশ্বৰ ৰায়, নাগেশ্বৰ ৰায়, লালিন্দৰ কুমাৰ, কেপি কুমাৰ আৰু ৰমেশ কুমাৰক আটক কৰিবলৈ সক্ষম হৈছে ।

কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত চলিছিল চোৰাং গৰুৰ বিৰুদ্ধে অভিযান ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা মতে, নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ স্বত্বাধিকাৰী ৰাতুল আহমেদৰ ছত্ৰছায়াত গো-মাফিয়া মুজাম্মিল আলী আৰু হানিফ আলীয়ে দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল এই ছিণ্ডিকেট ।

অৱশ্যে বৰ্তমানেও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ছিণ্ডিকেটৰ মূল কাণ্ডাৰীক । ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষী চকী(Amingaon Police Station)ত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে কামৰূপ আৰক্ষীয়ে ।

লগতে পঢ়ক :মাণিকপুৰত ১৭ কেজি গাঞ্জাসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details