ETV Bharat / state

মাণিকপুৰত ১৭ কেজি গাঞ্জাসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ

author img

By

Published : Oct 28, 2021, 5:38 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৫ নং ভাণ্ডাৰাত আৰক্ষীৰ অভিযান । এই অভিযানত আৰক্ষীয়ে জব্দ কৰে ১৭ কেজি গাঞ্জা । লগতে এজন ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে মাণিকপুৰ আৰক্ষীয়ে ।

Ganja Seized in Manikpur
মাণিকপুৰত ১৭ কেজি গাঞ্জাসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ

বঙাইগাঁও, ২৮ অক্টোবৰ : আৰক্ষীৰ চকুত ধূলি দি নিচাজাতীয় সামগ্ৰীৰ ক'লা বেহা অব্যাহত ৰাখিছে একাংশ অসাধু ব্যৱসায়ীয়ে । বুধবাৰে নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং ভাণ্ডাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে ১৭ কেজি গাঞ্জা । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মাণিকপুৰ থানাৰ আৰক্ষীয়ে ৫ নং ভাণ্ডাৰাৰ ইব্ৰাহীম আলীৰ বাসগৃহত অভিযান চলায় । ইব্ৰাহিমৰ বাসগৃহৰ পৰা ১৭ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ।

লগতে ইব্ৰাহিম আলীকো গ্ৰেপ্তাৰ কৰে । অবৈধভাৱে গাঞ্জাৰ বেহা চলাই আহিছিল ইব্ৰাহীমে । সম্প্ৰতি আৰক্ষীয়ে ইব্ৰাহীম আলীক সোধা-পোছা অব্যাহত ৰাখিছে । আনহাতে, গাঞ্জা ব্যৱসায়ী ইব্ৰাহীম আলী চোৰাং গৰু সৰবৰাহৰ লগতো জড়িত । ইব্ৰাহীম আলীয়ে দীৰ্ঘদিন ধৰি চোৰাং গৰুৰ ব্যৱসায় কৰি ট্ৰাকে ট্ৰাকে গৰু বাঘবৰলৈ প্ৰেৰণ কৰি আহিছে ।

অৱশেষত, বুধবাৰে আৰক্ষীৰ জালত পৰিল ইব্ৰাহীম আলী । উল্লেখ্য যে, ৰাজ্যৰ জিলা জিলাই বৰ্তমান নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ।

ইতিমধ্যে লাখ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে । লগতে এই অবৈধ বেহাৰে জড়িত বহু লোক বৰ্তমান ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে । তথাপিও এই ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । একাংশ ব্যৱসায়ীয়ে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে । উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাচতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, অতি তৎপৰতাৰে অভিযান চলাই আছে প্ৰশাসনে ।

লগতে পঢ়ক : কলগাছিয়াত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.