অসম

assam

ৰাজহ ফাঁকিৰে চলি অহা পাৰ্কিং প্লেচ ছীল প্ৰশাসনৰ

By

Published : Aug 18, 2021, 11:38 AM IST

ব্যৱসায়িক অনুজ্ঞাপত্ৰ নথকাৰ বাবে ছীল এটা পাৰ্কিং প্লেচ ৷ থলুৱা শ্ৰমিকক বঞ্চনাৰ অভিযোগ থকা প্ৰতিষ্ঠানটোৱে পৰিবহন বিভাগৰ অনুমতি অবিহনে চলাই আহিছিল ব্যৱসায় । যিকোনো পাৰ্কিঙৰ ক্ষেত্ৰত পৰিবহন বিভাগৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন যদিও বহিৰাগত প্ৰতিষ্ঠানটোৱে এই নিময় ভৰিৰে মোহাৰি আহিছিল ।

kamrup-district-administration-has-seal-a-parking-along-with-office-etv-bharat-assam
কামৰূপ জিলা প্ৰশাসনে চীল কৰিলে কাৰ্যালয় সহ এটা পাৰ্কিং

বাইহাটা, 18 আগষ্ট :কামৰূপ জিলাৰ চাংসাৰী ৰে’ল ষ্টেচনৰ সমীপৰ ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেচন অৱ ইণ্ডিয়াৰ কাৰ্যালয়সহ কামৰূপ জিলা প্ৰশাসনে ছীল কৰে এটা পাৰ্কিং । বে-আইনীভাৱে প্ৰায় বাৰ বছৰৰ অধিক সময় ৰাজহ ফাঁকিৰে কোটি টকাৰ ব্যৱসায় চলাই অহাৰ পাছত বুধবাৰে প্ৰশাসনে ছীল কৰে ব্যৱসায়িক প্ৰতিষ্ঠানটো ।

উল্লেখ্য যে, চাংসাৰীস্থিত বহিৰাগত কোম্পানী ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেচন অৱ ইণ্ডিয়া চমুকৈ TCI ৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি ৰে’ল ষ্টেচন শ্ৰমিক ইউনিউনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৷ থলুৱা শ্ৰমিকক বঞ্চনাৰ অভিযোগ থকা প্ৰতিষ্ঠানটোৱে পৰিবহন বিভাগৰ অনুমতি অবিহনে চলাই আহিছিল ব্যৱসায় । যিকোনো পাৰ্কিঙৰ ক্ষেত্ৰত পৰিবহন বিভাগৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন যদিও বহিৰাগত প্ৰতিষ্ঠানটোৱে এই নিময় ভৰিৰে মোহাৰি আহিছিল ।

লগতে চাওক :আৰম্ভ হ’ল ভাদ মাহ : ঢেকীয়াখোৱা বৰনামঘৰত চলিব মাহজোৰা পালনাম

যাৰ বাবে পৰিবহন বিভাগৰ নিৰ্দেশৰ ভিত্তিত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে ছীল কৰি দিয়ে ব্যৱসায়িক চৌহদটো । কামৰূপ(গ্ৰাম্য) জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত অহা বিশাল আৰক্ষী বাহিনীয়ে কাৰ্যালয়টো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে । অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদে জানিব দিয়া অনুসৰি, টিচিআই-এ সম্পূৰ্ণ অবৈধভাৱে ব্যৱসায় চলাই আহিছিল ।

ৰাজহ ফাঁকিৰে চলি অহা পাৰ্কিং প্লেচ ছীল প্ৰশাসনৰ

তেওঁ কয় যে কেৱল পৰিবহন বিভাগৰে নহয় শ্ৰম বিভাগৰো কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাছিল ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ । যাৰ বাবে প্ৰতিষ্ঠানটো ছীল কৰি দিয়া হয় । ইফালে মঙলবাৰে পুৱাৰ ভাগত টিচিআইৰ চাৰিখন বাহন পৰিবাহী ট্ৰেইলৰো প্ৰশাসনে জব্দ কৰে । উল্লেখযোগ্য যে, থলুৱা শ্ৰমিকক বঞ্চনাৰ অভিযোগৰে চাংসাৰীৰ তিনিটাকৈ শ্ৰমিক ইউনিয়নৰ লগতে ট্ৰাক অ'নাৰ এছ’চিয়েচনৰ উদ্যোগত বিগত কিছুদিন ধৰি শতাধিক শ্ৰমিকে টিচিআইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ।

প্ৰতিবাদকাৰীসকলে বহিৰাগত কোম্পানীৰ দাদাগিৰি নচলিব, টিচিআই গ'বেক, শ্ৰমিকৰ কৰ্ম সুনিশ্চিত কৰক, বহিৰাগত শ্ৰমিকৰ সংস্থাপন বন্ধ কৰক, আমাৰ দাবী মানিবই লাগিব, ডিভাইড এণ্ড ৰ’ল পলিচি নচলিব ইত্যাদি শ্ল'গানৰে ব্যৱসায়িক প্ৰতিষ্ঠান চৌহদটো উত্তাল কৰি আহিছিল । আইন শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ আৰক্ষী-চিআৰপিএফ বাহিনী ঘটনাস্থলীত মোতায়েন কৰা হৈছিল ৷

লগতে চাওক :ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, চাংসাৰী ষ্টেচনটোত তিনিটা শ্ৰমিক ইউনিয়নসহ এটা ট্ৰাক মালিক সন্থা আছে যদিও একেটা পৰিয়ালৰ দৰে শান্তি-শৃংখলাৰ মাজেৰে বিগত 10/12 বছৰ ধৰি কৰ্মৰত হৈ আছে । প্ৰায় সহস্ৰাধিক স্থানীয় শ্ৰমিক ষ্টেচনটোত গাড়ী লোডিং-আন লোডিঙৰ জৰিয়তে সংস্থাপিত হৈ আছে ৷ বহিৰাগত টিচিআই কোম্পানীটোৱে নিজৰ মুনাফাৰ স্বাৰ্থত কেতবোৰ অনৈতিক সিদ্ধান্তৰে শ্ৰমিকসকলক ভাতে মৰাৰ চক্ৰান্তত লিপ্ত হোৱাই নহয় ষ্টেচনটোত অৰাজকতা পৰিস্থিতি উদ্ভৱ কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

ছীল কৰাৰ সময়ত মজুত বিভিন্ন বাহন

কোম্পানীটোৱে পূৰ্বৰ বৰুৱা লজিষ্টিক প্ৰতিষ্ঠানটোক আঁতৰাই অন্য এগৰাকী ব্যৱসায়ীক গতাই বহিৰাগত শ্ৰমিকক সংস্থাপনৰ পৰিকল্পনাৰ কথা পোহৰলৈ অহাৰ পিছতে শ্ৰমিকসকলে টিচিআইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে । এনে প্ৰতিবাদৰ মাজতে মঙলবাৰে কামৰূপ জিলা প্ৰশাসনে ব্যৱসায়িক প্ৰতিষ্ঠানটো ছীল কৰি দিয়ে ।

উল্লেখযোগ্য যে, হাজাৰ হাজাৰ গাড়ী সৰবৰাহ আৰু পাৰ্কিং কৰা প্ৰতিষ্ঠানটো প্ৰশাসনে ছীল কৰাৰ সময়ত 160 খন মটৰ চাইকেল, 65 খন টেক্টৰ আৰু 18 খন পাৱাৰটিলাৰ মজুত আছিল । এই অভিযানত পৰিবহন বিভাগৰ MVI ক্ষীৰোদ কুমাৰ দাস, অচিন্ত্য কুমাৰ সেন, চাংসাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মন, বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাকে ধৰি ভালেসংখ্যক বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details