ETV Bharat / state

আৰম্ভ হ’ল ভাদ মাহ : ঢেকীয়াখোৱা বৰনামঘৰত চলিব মাহজোৰা পালনাম

author img

By

Published : Aug 18, 2021, 11:09 AM IST

মঙলবাৰৰ পৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ(Dhekiakhowa Bornamghar)ত মাহজোৰা পালনাম(Paal Nam) আৰম্ভ ৷ অৱশ্যে বৰনামঘৰত সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি চলা হ’ব বুলি নামঘৰ পৰিচালনা সমিতিয়ে সদৰী কৰে ৷

paal-nam-has-started-at-dhekiakhowa-bornamghar
ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম

টীয়ক, 18 আগষ্ট : ক’ভিড প্ৰট’কল(Covid Protocol) মানি পহিলা ভাদ অৰ্থাৎ মঙলবাৰৰ পৰা টীয়কস্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ(Dhekiakhowa Bornamghar)ত আৰম্ভ হৈছে মাহজোৰা পালনাম(Paal Nam) ৷ পহিলা ভাদৰ দিনা পুৱাৰ ভাগৰ পৰা মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই ঢেকীয়াখোৱা বৰনামঘৰত আগমন ঘটিছে অসংখ্য ভক্তৰ ।

মঙলবাৰৰ পৰা নতুন SOP যোগে ৰাজ্যৰ মঠ-মন্দিৰসমূহ নিৰ্দিষ্ট নীতি-নিয়ম অনুযায়ী পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বৰনামঘৰৰ দুৱাৰ খুলি দিয়াৰ পাচতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷

ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম

লগতে পঢ়ক : ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পাল নামৰ প্ৰস্তুতি

ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে চৰকাৰ তথা জিলা প্ৰশাসনে যি নীতি-নিয়ম ধাৰ্য কৰি দিছে, সেই নীতি-নিয়ম আখৰে আখৰে পালন কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰৱেশ দুৱাৰতে হাত ধোৱা, চেনিটাইজ কৰা তথা মুখত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ।

লগতে ভক্তসকলক ক’ভিড প্ৰতিষেধক(Vaccine) লৈহে নামঘৰলৈ আহিবলৈ আহ্বান জনাইছে । এই পবিত্ৰ ভাদ মাহৰ পালনামত জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক : ক'ভিডৰ বাবে উপাৰ্জন বন্ধ ঢেকীয়াখোৱাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.