অসম

assam

বকোৰ গামেৰিমূৰাত সীমা সমস্যাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি

By

Published : Sep 22, 2021, 10:07 PM IST

বকোৰ গামেৰিমূৰাত সীমা সমস্যাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি
বকোৰ গামেৰিমূৰাত সীমা সমস্যাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি ()

বকো আৰক্ষীৰ বাধাক নেওচি মেঘালয়ে অব্যাহত ৰাখিছে পথ নিৰ্মাণ কাৰ্য । মেঘালয়ৰ চিমিনা আৰক্ষী চকীৰ আৰক্ষী বিষয়া Goalon K.Sangma ৰ উচতনিত কৰ্মৰত শ্ৰমিকসকলে অসমৰ পৰা যোৱাৰ আৰক্ষীসহ ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়া সকলৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ উপৰিও প্ৰাণে মাৰাৰ ভাবুকিৰে হাতে হাতে দা, কুঠাৰ ,শিল লৈ উগ্ৰমূৰ্তি ধাৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বকো,22 ছেপ্তেম্বৰ : অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্ত অঞ্চলত চুবুৰীয়া ৰাজ্যৰ শেন চকু দীৰ্ঘদিনীয়া । মঙলবাৰে বকোৰ সীমান্ত অঞ্চল গামেৰিমূৰা শালবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ জলপ্ৰপাত হৌ-হুৱালৈ যোৱা পথত মেঘালয়ে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাত বাধা আৰোপ কৰিছে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, গামেৰিমূৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই । একেদৰে স্থানীয় লোকেও বাধা প্ৰদান কৰিছে পথ নিৰ্মাণত ।

বকোৰ গামেৰিমূৰাত সীমা সমস্যাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে, বকো আৰক্ষীৰ বাধাক নেওচি মেঘালয়ে অব্যাহত ৰাখিছে পথ নিৰ্মাণ কাৰ্য । মেঘালয়ৰ চিমিনা আৰক্ষী চকীৰ আৰক্ষী বিষয়া Goalon K.Sangma ৰ উচতনিত কৰ্মৰত শ্ৰমিকসকলে অসমৰ পৰা যোৱাৰ আৰক্ষীসহ ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়া সকলৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাৰ উপৰিও প্ৰাণে মাৰাৰ ভাবুকিৰে হাতে হাতে দা, কুঠাৰ, শিল লৈ উগ্ৰমূৰ্তি ধাৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়কঃ ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ

আনকি ঘটনাস্থলীত উপস্থিত হোৱা বকোৰ সাংবাদিকৰ দল এটাকো আক্ৰমণ কৰিবলৈ উদ্যত হয় মেঘালয়ৰ সমৰ্থক সকলে । বৰ্তমানেও মেঘালয় আৰক্ষী প্ৰশাসনৰ তত্বাৱধানত অব্যাহত আছে পথ নিৰ্মাণ কাৰ্য। সম্প্ৰতি গামেৰিমূৰা ৰাভা আঞ্চলিক ছাত্ৰ সন্থাই ঘটনা সংক্ৰান্তত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

উল্লেখযোগ্য যে, সীমান্তৰ পৰা দহ কিলোমিটাৰ অসমৰ ভিতৰলৈ সোমাই মেঘালয়ে ইতিমধ্যে বকোৰ চিৰসেউজ পাহাৰীয়া ভূৃ-খণ্ড লাম্পীৰ ভূমি আগ্ৰাসন চলাই বিভিন্ন আঁচনি ৰূপায়ন কৰিছে । যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা সজাঁতি দলে বকোৰ সীমান্ত লাম্পী, হাহিম, গামৰিমূৰাত ৰঙা চিহ্ন অংকন কৰি ড্ৰোণ উৰুৱাই মেঘালয়ৰ সীমা নিৰ্ধাৰণ কৰি গৈছে ।

আনহাতে দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ বাবে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দ্বয়ে সমিতি নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো মেঘালয়ে অসমৰ ভূমি আগ্ৰাসন চলাই আঁচনি ৰূপায়নত ব্যস্ত হৈ আছে। যি ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ নলবাৰীৰ শিক্ষা বিভাগত জালিয়াতি : বয়স ফাঁকিৰে কৰ্মৰত শিক্ষক-কৰ্মচাৰী

ABOUT THE AUTHOR

...view details