ৰঙিয়া, ১৬ ছেপ্টেম্বৰ :অসমত প্ৰায় প্ৰতিদিনে বহু লোক চাইবাৰ অপৰাধীৰ জালত পৰিছে (Cyber crime incident in Assam)। চাইবাৰ অপৰাধীয়ে ৰাজ্যখনৰ বহু লোকৰ পৰা লাখ লাখ টকা প্ৰৱঞ্চনা কৰি লৈ গৈছে । এইবাৰ ৰঙিয়াত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক চাইবাৰ অপৰাধীৰ জালত পৰিল (Rangia retired teacher in trap of cyber criminals)। অপৰাধীয়ে লোকজনৰ পৰা লুটি নিলে প্ৰায় ৬ লাখ টকা । এই কথা গম পোৱাৰ পাছতে মূৰে কপালে হাত দিছে লোকজনে ।
এই ঘটনা ৰঙিয়াৰ ভৈয়ৰাৰ । প্ৰাপ্ত তথ্য অনুসৰি ভুক্তভোগী লোকজন হৈছে পুৱ কণিহা ভৈয়ৰা প্ৰথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জাকিৰ হুছেইন । শিক্ষকগৰাকীয়ে সাঁচতীয়া ধনবোৰ নতুন গৃহ নিৰ্মাণৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত জমা ৰাখিছিল । কিছুদিন পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে বেংকৰ বহীত শেহতীয়া লেন-দেনৰ তথ্য পৰীক্ষা কৰিছিল ।