অসম

assam

Rangia Congress protest: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 29, 2023, 5:20 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । ছিণ্ডিকেটত নাম সাঙোৰ খোৱা ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবীত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী সমদল । ভৱেশ কলিতা বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়েন ।

congress hold protest in rangia
প্ৰতিবাদ

প্ৰতিবাদ

ৰঙিয়া, 29 জুলাই :কামৰূপ জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত আৰু ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছ সমিটিৰ সহযোগত মূল্যবৃদ্ধি আৰু জিএছ টি আৰোপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ শনিবাৰে ৰঙিয়াত কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰথমে ৰঙিয়াৰ ৰাজীৱ ভৱনত দলটোৰ এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় । সভাখনত দলটোৰ কেইবাগৰাকীও শীৰ্ষ স্থানীয় নেতাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভাষণ দিয়ে ।

প্ৰতিবাদ

মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সভাস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় যে ধৰ্মীয় কথাৰে ৰাজনীতি কৰাৰ সলনি অসমৰ প্ৰকৃত সমস্যা সমাধানৰ জৰিয়তে নিজৰ ৰাজধৰ্ম পালন কৰক । চৌদিশে হৈ থকা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে । কিন্তু মুখ্যমন্ত্ৰীগৰাকী ধৰ্মীয় ৰাজনীতিতেই ব্যস্ত হৈ আছে । তেওঁৰ দলটোৰ কাৰ্যকৰ্তাৰ লগতে ৰাজ্যিক সভাপতি গৰাকীৰো নাম ছিণ্ডিকেটত সাঙোৰ খাইছে । গতিকে তেওঁ ধৰ্মীয় বিতৰ্কৰ পৰা আঁতৰি আহি নিজৰ ৰাজধৰ্ম সুকলমে পালন কৰি ৰাইজক উদ্ধাৰ কৰক ।

প্ৰতিবাদ

সভাখনৰ অন্তত দলটোৰ সহস্ৰাধিক কাৰ্যকৰ্তাৰ সৈতে ৰেকিবুদ্দিন আহমেদে ৰঙিয়াৰ গান্ধী মণ্ডপত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি ৰঙিয়াৰ মাজেৰে সমদল উলিয়াই ৰঙিয়াত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ৰঙিয়া চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদী অনুষ্ঠানটোত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ , ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৃপেন ঠাকুৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি কংকন দাস প্ৰমুখ্যে দলটোৰ বহু সদস্যই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Protest against Bhupen Borah: ভূপেন বৰাৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

ABOUT THE AUTHOR

...view details