অসম

assam

Birth anniversary of Lachit Borphukan : ৰঙিয়াত আয়োজন ৰক্তদান শিবিৰ

By

Published : Nov 24, 2022, 3:22 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী (Lachit Divas celebrated all over Assam) ৷ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে মঙলবাৰে ৰঙিয়াত আয়োজিত হয় এক ৰক্তদান শিবিৰৰ (Blood donation camp held at Rangia) ৷ এই শিবিৰত অংশগ্ৰহণ কৰে জিলাখনৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে ৷

Blood donation camp held at Rangia
ৰঙিয়া আয়োজন ৰক্তদান শিবিৰ

ৰঙিয়া, 24 নৱেম্বৰ : আজি বীৰ যোদ্ধা লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী (400 birth anniversary of Lachit Barphukan) ৷ ৰাজ্য তথা দেশজুৰি উদযাপন কৰা হৈছে বীৰ যোদ্ধাগৰাকীৰ জন্ম জয়ন্তী (Lachit Divas celebrated all over Assam) ৷ বাদ পৰি ৰোৱা নাই অসম আৰক্ষীও ৷ অসম আৰক্ষীয়েও বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উদযাপন কৰি আহিছে বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী (Legendary Assamese general Lachit Borphukan) ৷

ৰঙিয়াত আয়োজন ৰক্তদান শিবিৰ

আনকি ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষীয়ে পথত মাৰ্চ পাষ্ট কৰাৰ লগতে বিভিন্ন সৃজনীমূলক কলা প্ৰদৰ্শন কৰি প্ৰতিটো কাৰ্যসূচী সফল কৰি তোলা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামৰূপ আৰক্ষীয়েও মঙলবাৰে ৰঙিয়াত অনুষ্ঠিত কৰে এটা ৰক্তদান শিবিৰৰ (Blood donation camp held at Rangia) ৷

ৰঙিয়া মহকুমা প্ৰশাসন আৰু চিকিৎসা বিভাগৰ উদ্যোগত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কামৰূপ আৰক্ষীৰ বিষয়া-জোৱানসকলেও এই ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ তথ্য অনুসৰি, জিলাখনৰ 12 খন থানাকে ধৰি 13 খন আৰক্ষী চকীৰ প্ৰায় 30 গৰাকী আৰক্ষী বিষয়া তথা জোৱানে ৰক্তদান কৰে ৷

লগতে পঢ়ক :Lachit Divas 2022 : বৰপেটাত অসম বুৰঞ্জী বিষয়ক কুইজ প্ৰতিযোগিতাৰ আয়োজন

লগতে জিলাখনৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে উক্ত শিবিৰটোত অংশগ্ৰহণ কৰাৰ লগতে ৰক্তদান কৰি আন আৰক্ষীৰ জোৱানকো উৎসাহ দিয়া পৰিলক্ষিত হয় ৷ ৰক্তদান আৰু এগৰাকী ৰোগীৰ বাবে যোগান ধৰা এবটল ৰক্তৰ গুৰুত্ব কিমান, সেই কথা উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে সকলোকে ৰক্তদান কৰি এগৰাকী মৃত্যুমুখী লোকক জীৱন দান কৰিবলৈ আহ্বান জনায় ৷

লগতে বীৰ লাচিতক সোঁৱৰণ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে নৱ প্ৰজন্মক মহাবীৰগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশৰ তথা সমাজৰ হকে কাম কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখ্য যে, ৰক্তদান শিবিৰৰ অন্তত চিকিৎসালয় কৰ্তৃপক্ষই উপস্থিত সকলোকে একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :Lachit Divas in Assam : ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী

ABOUT THE AUTHOR

...view details