Lachit Divas in Assam : ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী

author img

By

Published : Nov 24, 2022, 2:02 PM IST

Updated : Nov 24, 2022, 2:26 PM IST

Lachit Divas in Assam

আজি লাচিত দিৱস ৷ আহোম যুদ্ধা লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী সৰ্বজন বিদিত (Legendary Assamese general Lachit Borphukan) ৷ সমগ্ৰ ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে সোঁৱৰিছে আহোমৰ বীৰ যুদ্ধা লাচিত বৰফুকনক (Lachit Divas celebrated all over Assam)৷

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : জাতীয় বীৰ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ আজি ৪০০ সংখ্যক জন্ম জয়ন্তী (400 birth anniversary of Lachit Barphukan) ৷ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে আহোম বীৰগৰাকীৰ জন্ম জয়ন্তী (Lachit Divas celebrated all over Assam) ৷ আনকি নতুন দিল্লীত আৰম্বপূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে লাচিত দিৱসৰ কাৰ্যসূচী (Lachit Divas celebration in Delhi) ৷

আনহাতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ ১৮ নৱেম্বৰ পৰা ২৫ নৱেম্বৰলৈ নলবাৰী জিলা প্ৰশাসনৰ উদ্যাগত নলবাৰী গৰ্ডন হাইস্কুল খেল পথাৰত আঠ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Divas celebration in Nalbari) ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে সপ্তম দিনটোত উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে পুৱা ৯:৩০ বজাত গৰ্ডন হাইস্কুল খেলপথাৰৰ পৰা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদশৰ্নৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী

উক্ত শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰীসকলেও অংশ গ্ৰহণ কৰে ৷ উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে ৷ ইফালে লাচিত দিৱস উপলক্ষে নলবাৰীৰ মুকালমুৱাৰ ঘোৰাথালত মাৰাথন আয়োজন কৰা হয় দৌৰ প্ৰতিযোগিতাৰ ৷

নৱজাগৰণ আঞ্চলিক যুৱ বিকাশ সংঘৰ উদ্যোগত আয়োজিত এই মাৰাথন দৌৰ প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে বিশিষ্ট দৌৰবিদ ৰবীন দাসে । ঘোৰাথালৰ পৰা আৰম্ভ কৰা উক্ত দৌৰ প্ৰতিযোগিতাত টিহুৰ মেৰাজুল হকে প্ৰথম, ছয়গাঁও চফিকুল ইছলামে দ্বিতীয় আৰু চেঙাৰ অমিনুল হকে তৃতীয় পুৰস্কাৰ লাভ কৰে ।

লগতে পঢ়ক : Lachit Divas in Delhi: বীৰ লাচিতৰ বন্দনাৰে মুখৰিত দেশৰ ৰাজধানী দিল্লী

লাচিত দিৱস উপলক্ষে টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিতৰ মৈডামতো দিনযোৰা কাৰ্যসূচীৰে যোৰহাট জিলা প্ৰসাশন আৰু লাচিত মৈডাম সংৰক্ষণ সমিতিৰ উদ্যোগত আয়োজিত কৰা হয় এক বিশেষ কাৰ্যসূচীৰ (Lachit Divas celebration at Teok) ৷ এই কাৰ্যসূচীৰ অংশ স্বৰূপে পুৱা সমূহীয়া চাফাই অভিযান, পতাকা উত্তোলন, মৈডাম তৰ্পণ, প্ৰতিমূৰ্তিত মাল্য অৰ্পণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

ইয়াৰ পাচত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ লগতে দুপৰীয়াৰ ভাগত এখনি মুকলি সভা অনুষ্ঠিত কৰে ৷ য’ত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বীৰজনাৰ শৌৰ্য বিৰ্য শ্ৰদ্ধাৰে সোঁৱৰে ।

ইপিনে অসম জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে লাচিত মৈডামত আজি উদযাপন কৰে জাতীয় বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী (Lachit Divas celebration at Lachit Maidam)। উক্ত কাৰ্যসূচীত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উপস্থিত থাকি কেৱল জাক জমকতাৰ মাজতে জাতীয় বীৰগৰাকীক নাৰাখি প্ৰকৃতাৰ্থত তেওঁৰ গুণ গৰিমা প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ।

টীয়ক, নলবাৰীৰ দৰে বিহপুৰীয়া, ডিব্ৰুগড়তো আয়োজন কৰা হয় অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ৷

লগতে পঢ়ক : Lachit Divas 2022 : বৰপেটাত অসম বুৰঞ্জী বিষয়ক কুইজ প্ৰতিযোগিতাৰ আয়োজন

Last Updated :Nov 24, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.