Lachit Divas 2022 : বৰপেটাত অসম বুৰঞ্জী বিষয়ক কুইজ প্ৰতিযোগিতাৰ আয়োজন

author img

By

Published : Nov 24, 2022, 1:35 PM IST

Lachit Divas 2022

আজি আহোম বীৰ লাচিত দিৱস লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী (400 birth anniversary of Lachit Barphukan) ৷ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজিত কৰা হৈছে ভিন্ন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশ স্বৰূপে বুধাবেৰ বৰপেটা জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত বৰপেটা জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত অসম বুৰঞ্জী ওপৰত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় (Quiz competition about lachit divas 2022) ৷ য’ত জিলাখনৰ 23 খন মহাবিদ্যালয়ৰ 45 টা দলে অংশ গ্ৰহণ কৰে ৷

বৰপেটা, 24 নৱেম্বৰ : আজি লাচিত দিৱস ৷ আহোম যুদ্ধা লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী সৰ্বজন বিদিত (Legendary Assamese general Lachit Borphukan) ৷ সমগ্ৰ ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে সোঁৱৰিছে বীৰ যুদ্ধা লাচিত বৰফুকনক ৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰাজধানী নতুন দিল্লীতো পালন কৰা হৈছে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী ৷

লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বুধাবেৰ বৰপেটা জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত বৰপেটা জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক কুইজ প্ৰতিযোগিতাৰ ৷ এই কুইজ প্ৰতিযোগিতাৰ মূল বিষয় আছিল অসম বুৰঞ্জী (Quiz competition about lachit divas 2022)৷ অসম বুৰঞ্জীৰ ওপৰত অনুষ্ঠিত হোৱা এই কুইজ প্ৰতিযোগিতাখনত জিলাখনৰ 23 খন মহাবিদ্যালয়ৰ 45 টা দলে অংশ গ্ৰহণ কৰে ৷

বৰপেটাত অসম বুৰঞ্জী বিষয়ক কুইজ প্ৰতিযোগিতাৰ আয়োজন

উক্ত কুইজ প্ৰতিযোগিতাখনত প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুস গৰ্গ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, শিক্ষক, বিশিষ্ট নাগৰিক আদিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাখনত ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু বিশিষ্ট নাগৰিকসকলৰ অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷

আনহাতে, নতুন দিল্লীৰ বিজ্ঞান ভৱনত বুধবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অয়োজিত হৈছে লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী (400 birth anniversary of Lachit Barphukan) ৷ এই অনুষ্ঠান তিনিদিন ধৰি চলিব ৷ বীৰ লাচিতৰ শৌৰ্য-বীৰ্য তথা পৰাক্ৰমক বিশ্বত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেই আয়োজন কৰা হৈছে এই বিশাল অনুষ্ঠানৰ ৷

ইতিমধ্যে অসম চৰকাৰ মন্ত্ৰী-বিধায়কসকলৰ লগতে বিভিন্নজন শীৰ্ষ বিষয়া দিল্লীত উপস্থিত হৈছে (Lachit Divas celebration in Delhi) ৷ এই অনুষ্ঠানৰ অংশ হিচাপে আজি ‘‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা’’ বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত হয় (History of Ahom dynasty)। আলোচনাচক্ৰখন সঞ্চালনা কৰে অসমৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জিষ্ণু বৰুৱাই ।

ইফালে, লাচিত দিৱস উপলক্ষে জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত (Lachit Divas in Assam) জিলা প্ৰশাসনৰ উদ্যোগত আজি অৰ্থাৎ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে একৰ অনুষ্ঠানৰ । উক্ত কাৰ্যসূচীৰ অংশ হিচাপে মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অর্পণ কৰে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে ।

লগতে পঢ়ক : Lachit Divas in Delhi: বীৰ লাচিতৰ বন্দনাৰে মুখৰিত দেশৰ ৰাজধানী দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.