অসম

assam

JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা

By

Published : Nov 1, 2020, 8:33 PM IST

Updated : Nov 1, 2020, 10:21 PM IST

JEE কেলেংকাৰীৰ অন্যতম পলাতক অভিযুক্ত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ বৰঝাৰ বিমান বন্দৰত । বিমানযোগে বেংকক-দিল্লী হৈ গুৱাহাটীলৈ সংগোপনে অহাৰ খবৰ পাই গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে, আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে অভিযুক্ত জনক ৷

JEE কেলেংকাৰী
JEE কেলেংকাৰী

আজাৰা, 1 নৱেম্বৰ:অৱশেষত JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত পলাতক ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ বৰঝাৰ বিমান বন্দৰত । SG-285 নম্বৰ স্পাইছ জেট বিমানযোগে বেংককৰ পৰা দিল্লী হৈ সংগোপনে গুৱাহাটীলৈ অহাৰ খবৰ পাই, গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে আৰক্ষীৰ এটা দলে বিমান বন্দৰতে গ্ৰেপ্তাৰ কৰে ভাৰ্গৱ ডেকাক ।

JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা

JEE কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পৰাই গ্ল'ৱেল ইডুলাইটৰ স্বতাধিকাৰী ভাৰ্গৱ ডেকা পলাতক অৱস্থাত আছিল । ভাৰ্গৱ ডেকাৰ গ্ৰেপ্তাৰৰ পাচত JEE কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা । ইতিমধ্যে গ্ল'ৱেল ইডুলাইটৰ এগৰাকী কৰ্মচাৰী কাকলি বুজৰবৰুৱাক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজাৰা থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে । বৰ্তমান ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ আজাৰা আৰক্ষী থানাত অব্যহত ৰাখিছে সোধ-পোছ । গ্ৰেপ্তাৰৰ মুঠ সংখ্যা হ'লগৈ ৭ জন ।

বিমান বন্দৰত গ্ৰেপ্তাৰ হয় অভিযুক্তজন

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ গৃহ চহৰত কংগ্ৰেছৰ ৰণ ডংকা

Last Updated :Nov 1, 2020, 10:21 PM IST

ABOUT THE AUTHOR

...view details