ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত কংগ্ৰেছৰ ৰণ ডংকা

author img

By

Published : Nov 1, 2020, 7:34 PM IST

অসম প্রদেশ কংগ্রেছৰ অসম চাহ আৰু প্রাক্তন চাহ মজদুৰ কংগ্ৰেছ বিভাগৰ উদ্যোগত ডিব্ৰুগড় ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা বিশাল সভাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাসহস্ৰাধিক চাহ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই উজনিৰ ডিব্ৰুগড়ত প্ৰথমখন বিশাল সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশৰ তত্বাৱধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে।

congress meating at dibrugarh
ডিব্ৰুগড়ত জিতেন্দ্ৰ সিঙৰ উপস্থিতত কংগ্ৰেছৰ বিশাল জনসভা

ডিব্ৰুগড়,1নৱেম্বৰ : বিজেপি দল তথা চৰকাৰে চাহ জনগোষ্ঠীৰ ৰাইজক আৰ্কষিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ত নিৰ্বাচনৰ প্ৰাক ক্ষণত হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় ৰাইজক লৈ শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ । চাহ জনগােষ্ঠী তথা আদিবাসী লােক সকলৰ বিভিন্ন সমস্যা আৰু আগন্তুক 2021 চনৰ বিধানসভা নির্বাচনৰ বিভিন্ন বিষয় আৰু চাহ জনগােষ্ঠী আৰু আদিবাসী লােকসকলৰ নিৰ্বাচনত গ্রহণ কৰিব লগা ভূমিকাৰ সন্দৰ্ভত ডিব্ৰুগড়ত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল জনসভা ।

উল্লেখযোগ্য যে, অসম প্রদেশ কংগ্রেছৰ অসম চাহ আৰু প্রাক্তন চাহ মজদুৰ কংগ্ৰেছ বিভাগৰ উদ্যোগত ডিব্ৰুগড় ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হোৱা বিশাল সভাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাসহস্ৰাধিক চাহ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে । নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই উজনিৰ ডিব্ৰুগড়ত প্ৰথমখন বিশাল সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশৰ তত্বাৱধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ।

ডিব্ৰুগড়ত জিতেন্দ্ৰ সিঙৰ উপস্থিতত কংগ্ৰেছৰ বিশাল জনসভা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , উপ দলপতি ৰকিবুল হুছেইন, নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কী, ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজ, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, এ আই চি চিৰ সম্পাদন ভূপেন বৰা, প্ৰাক্তন বিধায়ক ৰাজু চাহু, সুশান্ত বুঢ়াগোঁহাই, ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা প্ৰমূখ্য প্ৰদেশ কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে।

লগতে পঢ়কঃ ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনাৰ সফল ৰূপায়ন

অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি মনোজ ধানোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিতেন্দ্ৰ সিঙে অসমত ২০২১ত কংগ্ৰেছ চৰকাৰ গঠন হলে অসমৰ বৰাক-বহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি 360 টকালৈ দিব বুলিও ভাষণ প্ৰসংগত কয়। ভাষণ প্ৰসংগত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে অসমৰ চাহ শ্ৰমিক সকলৰ সমস্যা সমাধান বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰিব বুলিও কয়। বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ সকলো কংগ্ৰেছ দলৰ সদস্য, বাগিছাৰ শ্ৰমিক সকলক আহ্বান জনায়। আনহাতে অসমত বিজেপি চৰকাৰ অব্যাহত থাকিলে বাগিছাৰ শ্ৰমিক সকল আটাইতকৈ বেছি ক্ষতি হ’ব বুলি ভাষণ প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে প্ৰকাশ কৰে। প্ৰথম বাৰৰ বাবে অসমলৈ আহি চাহ মজদুৰ সমাজৰ লগত আলোচনাত মিলিত হোৱা বিষয়টো গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি জিতেন্দ্ৰৰ সিঙে অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’লে চাহ বাগিচাৰ শ্ৰমিকৰ কোনো সমস্যা নাথাকিব বুলি প্ৰকাশ কৰা দেখা যায়।

ডিব্ৰুগড়ত জিতেন্দ্ৰ সিঙৰ উপস্থিতত কংগ্ৰেছৰ বিশাল জনসভা

শেহতীয়াকৈ ৰাজ্যত কংগ্ৰেছ আৰু AIDUF দলৰ লগত মিত্ৰতা প্ৰসংগত কংগ্ৰেছ দলৰ মাজত আভ্যন্তৰীণ বিসম্বাদে দেখা দিছে সেইয়া স্পষ্ট হৈ পৰিছে ৷ তাৰ সমান্তৰল ভাবে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়াম প্ৰসংগ উত্থাপন কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে ৷ একাংশ কংগ্ৰেছী নেতাই নিৰব ভূমিকা গ্ৰহণ কৰাৰ লগতে একাংশ নেতাই মুকলিকৈ ইয়াৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ একেদৰে কংগ্ৰেছ দল শাসনলৈ আহিলে কোন মুখ্যমন্ত্ৰী হ’ব, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন হ’ব এই বোৰ বিষয়ক লৈ শেহতীয়াকৈ কংগ্ৰেছ দলৰ মাজত মতানৈক্য সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছিল ৷ তাৰমাজতে দেওবাৰে ডিব্ৰুগড় ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা বিশাল সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ নেতৃত্ব সলনি হোৱাৰ লগতে নেতৃত্ব সলনি হ’লে কংগ্ৰেছৰ ভাল দিন আহিবই বুলি কোৱা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷


লগতে পঢ়কঃ কলিয়াবৰত তিনিখনকৈ চৰকাৰী বিদ্যালয়ৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.