অসম

assam

Water ATM in Guwahati : 20 টাৰ ভিতৰত 13 টা বিকল মহানগৰীৰ ৱাটাৰ ATM

By

Published : Apr 2, 2022, 10:28 AM IST

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ ফোঁপোলা স্বৰূপ ৷ ৰাজ্য চৰকাৰ তথা গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড (Guwahati Smart City Limited) ৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ বিভিন্ন ঠাইত স্থাপন কৰা ৱাটাৰ এটিএম (Water ATM in Guwahati) সম্প্ৰতি বগাহাতীত পৰিণত হৈছে ৷

Guwahati Smart City Project
20 টাৰ ভিতৰত 13 টা বিকল মহানগৰীৰ ৱাটাৰ ATM

গুৱাহাটী, ২ এপ্ৰিল : মহানগৰীৰ 20 টাকৈ স্থানত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে স্থাপন কৰা ৱাটাৰ ATM সম্প্ৰতি বগাহাতীত পৰিণত হৈছে । 2 কোটি টকা ব্যয় কৰি স্থাপন কৰা মহানগৰীৰ 20 টা ৱাটাৰ ATM ৰ সম্প্ৰতি 13 টায়ে বিকল হৈ পৰি আছে । সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী হৈ থকাৰ সময়তেই, 2018 চনত পথচাৰীসকলক বিশুদ্ধ পানী যোগান ধৰা উদ্দেশ্যে স্মাৰ্ট চিটিৰ অধীনত ‘Swajal’ নামৰ কোম্পানীটোৱে স্থাপন কৰিছিল ৱাটাৰ ATM কেইটা (Water ATM under Guwahati Smart City Project) ।

কিন্তু স্থাপনৰ কিছুদিন পিছতে বিকল হৈ পৰিছিল অধিকাংশ ৱাটাৰ ATM । উল্লেখ্য যে, এই ৱাটাৰ ATM বোৰত 250 মিলিলিটাৰ পানীৰ দাম 1 টকা, 1 লিটাৰ পানীৰ দাম 5 টকা, 5 লিটাৰ পানীৰ দাম 10 টকা, 20 লিটাৰ পানীৰ দাম 25 টকা নিৰ্ধাৰণ কৰিছিল ৷ এই ৱাটাৰ ATM বোৰ পৰিচালনা কৰাৰ বাবদ এজনকৈ কৰ্মচাৰী নিয়োগ কৰা হৈছিল ।

তথ্য অনুসৰি, বহু সময়ত বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেও অধিকাংশ ৱাটাৰ ATM ৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল । এই ৱাটাৰ ATM সমূহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল চৌহদত(Water ATM at GMCH campus), মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় হাস্পতাল চৌহদত (Water ATM at MMCH campus), ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান চৌহদত (Water ATM at BBCI campus) স্থাপন কৰা হৈছিল ৷

20 টাৰ ভিতৰত 13 টা বিকল মহানগৰীৰ ৱাটাৰ ATM

আনকি পাণবজাৰৰ ফুড ভিলা, দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গড়চুক পাচলি বজাৰ, নেহৰু ষ্টেডিয়াম, ৰাজ্যিক চিৰিয়াখানা তথা ব’টানিকেল গাৰ্ডেন, পাণবজাৰৰ নাককটা পুখুৰী, ধাৰাপুৰ বজাৰ, চানমাৰী জিএমচি বজাৰ, মাছখোৱা পাৰঘাট আৰু জেইল ৰোডৰ নিচেই কাষতে স্থাপন কৰা হৈছিল এই ৱাটাৰ ATM সমূহ ৷

জানি আচৰিত হ’ব যে, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ (Guwahati Smart City Project) অধীনত মহানগৰীৰ পাণবজাৰ নাককটা পুখুৰীৰ সমীপত স্থাপন কৰা ৱাটাৰ ATM টো প্ৰায় ৫ মাহ পূৰ্বে উঠাই লৈ যোৱা হয় । যাৰ ফলত কিছু পৰিমাণে হ’লেও অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে পথচাৰী ৷ কিয় এনে কৰা হ’ল সেয়া বৰ্তমানেও সাঁথৰ হৈ ৰৈছে ৷

এই সন্দৰ্ভত ৱাটাৰ ATM টো পৰিচালনা কৰা কৰ্মচাৰী বাপন শইকীয়াই কয় যে, ‘‘২০১৮ চনত স্থাপন কৰা ৱাটাৰ ATM টো সঠিক ভাৱে চলি থকাৰ পিছতো প্ৰায় ৫ মাহ পূৰ্বে উঠাই লৈ যায় বিভাগীয় কৰ্তৃপক্ষই । এই স্থানত ৱাটাৰ ATM টো অতি প্ৰয়োজন আছিল । বহু লোকে পানী ক্ৰয় কৰাৰ বাবদ মাহেকীয়া কাৰ্ড বনাই লৈছিল । দৈনিক ৫০০-৭০০ টকাৰ পানী বিক্ৰী হৈছিল । তাৰ পিছতো কিয় ৱাটাৰ ATM টো উঠাই নিলে নাজানো’’।

ৱাটাৰ ATM প্ৰকল্পৰ তথ্যৰ বাবে স্মাৰ্ট চিটি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা হৈছিল । তেওঁলোকে বৰ্তমান ৭ টা ৱাটাৰ ATM সক্ৰিয় হৈ থকা বুলি মন্তব্য কৰিছিল যদিও কোনো কোন স্থানত এই ATM সক্ৰিয় হৈ আছে, সেই সন্দৰ্ভত তথ্য দিয়াৰ পৰা বিৰত স্মাৰ্ট চিটি কৰ্তৃপক্ষ ৷

লগতে পঢ়ক : Guwahati Smart City Project : দুবছৰ ধৰি বিকল গুৱাহাটীৰ ৱাটাৰ ATM

ABOUT THE AUTHOR

...view details