অসম

assam

Health project in Assam: অসমত 16 টা স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন-শিলান্যাস কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 10:15 PM IST

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ মনসুখ মান্দাভিয়া ৷ মন্ত্ৰী মান্দাভিয়াই অসমত 121.5 কোটি টকাৰ 16 টা স্বাস্থ্য প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷

Minister Mansukh Mandaviya visit in Guwahati
অসমত 16 টা স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন-শিলান্যাস কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ মনসুখ মান্দাভিয়াৰ

গুৱাহাটী, 15 অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ মনসুখ মান্দাভিয়াই দেওবাৰে অসমত 121.5 কোটি টকাৰ 16 টা স্বাস্থ্য প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । গুৱাহাটীৰ আই আই টিত দেওবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যখনত নতুনকৈ নিৰ্মাণ কৰা 8 টা স্বাস্থ্য প্ৰকল্প ভাৰ্চুৱেল পদ্ধতিৰে উদ্বোধন কৰাৰ লগতে আন 8 টা স্বাস্থ্য প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মান্দাভিয়াই ৷ অনুষ্ঠানত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাথঁনি অভিযান (পিএম-অভিম) আৰু পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ অধীনত লখিমপুৰ, নগাঁও, কামৰূপ, পশ্চিম কাৰ্বি আংলং, কাছাৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ত মুঠ 8 খন চিকিৎসালয়ত নতুন চিকিৎসা গোট নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ৷ বিপৰীতে এন এইচ এমৰ অধীনত কোকৰাঝাৰ, চিৰাং, তামুলপুৰ, যোৰহাট, বৰপেটা, হাইলাকান্দি আৰু শিৱসাগৰ জিলাত 8 খন চিকিৎসালয়ৰ নতুন ভৱন ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে ।

এই স্বাস্থ্য প্ৰকল্পসমূহ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী ড৹ মান্দাভিয়াই কয়, ‘‘ভৱিষ্যতৰ দিনত দেশত ক'ভিডৰ দৰে মহামাৰী বা আন যিকোনো গুৰুতৰ স্বাস্থ্য সংকটৰ সময়ত ক্ষিপ্ৰতাৰে আৰু ফলপ্ৰসূভাৱে মোকাবিলা কৰিব পৰাকৈ চহৰ আৰু গ্ৰামাঞ্চলত স্বাস্থ্যসেৱাৰ আন্তঃগাথঁনি শক্তিশালী কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ গৱেষণা আৰু ৰোগৰ আগতীয়া নিৰীক্ষণ ব্যৱস্থাও সবল কৰাত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ ।’’

বিগত কেইবছৰমানত অসমৰ স্বাস্থ্য খণ্ডৰ বিশেষ উন্নতি হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰো প্ৰশংসা কৰে । অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দিয়া ভাষণত অসমত চহৰ আৰু গ্ৰামাঞ্চলসমূহত স্বাস্থ্য সেৱা আন্তঃগাঁথনি সৱলীকৰণৰ দিশত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱাৰ বিশেষ পৃষ্ঠপোষকতাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ মান্দাভিয়াৰ শলাগ লয় ।

নিজৰ ভাষণত মন্ত্ৰী মহন্তই কয় যে, পি এম-অভিম আঁচনিখনৰ অধীনত অসমত নিজা গৃহ নথকা 765 টা স্বাস্থ্য উপ-কেন্দ্ৰৰ বাবে গৃহ নিৰ্মাণ, 207টা খণ্ড পৰ্যায়ৰ ৰাজহুৱা স্বাস্থ্য গোট, 33টা সংহত ৰাজহুৱা স্বাস্থ্য-পৰীক্ষাগাৰ আৰু 27 টা ক্ৰিটিকেল কেয়াৰ চিকিৎসালয় ব্লক-শাখাত নিৰ্মাণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে অনুমোদন জনাইছে ।

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও বিধায়কেও ভাৰ্চুৱেল পদ্ধতিৰে উদ্বোধনী-শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Scooty to Assam Teacher : চৰ্তসাপেক্ষে শিক্ষক-শিক্ষয়িত্ৰীয়ে লাভ কৰিব স্কুটী; চৰ্তত অন্তৰ্ভুক্ত শিক্ষাসেতু

ABOUT THE AUTHOR

...view details