অসম

assam

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Dec 28, 2022, 1:06 PM IST

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 0F 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Mock drill on Covid 19: ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ধেমাজি জিলা স্বাস্থ্য বিভাগ

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ উদ্বিগ্ন বিশ্ববাসী ৷ চীনত ক‘ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি এইবাৰ সমগ্ৰ দেশে আগতীয়াকৈ অৱলম্বন কৰিছে বিভিন্ন সতৰ্কতা বিধি ৷ ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰাণালয়ৰ নিৰ্দেশ মতে, দেশৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যখণ্ডসমূহত মংগলবাৰে মকড্ৰিল অনুষ্ঠিত কৰে ৷

Gunfight breaks out at Jammu : জম্মুত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ৩ সন্ত্ৰাসবাদী নিহত

জম্মু জিলাৰ চিধৰা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই গুলীচালনাৰ ঘটনা । সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পোৱাৰ পাছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ । গুলীচালনাত ৩ সন্ত্ৰাসবাদী নিহত হয় ।

Law and order situation in Tripura : ত্ৰিপুৰাত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ-চিপিআই(এম)ৰ যুটীয়া বিবৃতি

ত্ৰিপুৰাত আইন শৃংখলা পৰিস্থিতি যথেষ্ট অৱনতি হৈছে । এই অভিযোগ কংগ্ৰেছ, চিপিআই(এম)কে ধৰি কেইবাটাও বিৰোধী দলৰ । ইতিমধ্যে ৰাজ্যখনৰ গণতন্ত্ৰ ৰক্ষা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যুটীয়া বিবৃতি প্ৰকাশ কৰিছে বিৰোধীয়ে ।

Indiscriminate assault by husband: সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীক

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই মৰিয়াই মৰিয়াই পত্নীৰ হাত ভাঙিলে স্বামীয়ে ৷ সম্প্ৰতি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত-পত্নী ৷

Fraud case in Nagaon: প্ৰৱঞ্চনাৰে লুটি নিলে পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা

গহনা ধুৱলৈ অথবা আপোনাৰ অনুজ্জ্বল হৈ পৰা গহণাখিনি উজ্জ্বল কৰি তুলিবলৈ আপোনাৰ ঘৰলৈ কোনো ব্যক্তি গৈছে নেকি ? যদি গৈছে তেন্তে সাৱধান হওক, সৰ্বস্বান্ত হ'ব পাৰে আপুনিও ! কাৰণ তেনে এক ঘটনা পুনৰবাৰ সংঘটিত হ'ল নগাঁৱৰ কামপুৰত ৷

Fire at Jorhat: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ

যোৰহাটৰ মাৰোৱাৰীপট্টিত ২১ ডিচেম্বৰত সূত্ৰপাত হৈছিল ভয়াৱহ অগ্নিকাণ্ডৰ ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হৈছিল ব্যৱসায়ীক-প্ৰতিষ্ঠান, বাসগৃহৰ লগতে কোটি টকাৰ সম্পত্তি ৷ উক্ত অগ্নিকাণ্ডস্থলী পৰিৰ্দশন কৰি মন্ত্ৰী অজন্তা নেওগে প্ৰদান কৰিলে এককালীন সাহায্য ।

Assam Meghalaya Border Dispute: পুনৰ অসমৰ ভূমিত তাণ্ডৱ মেঘালয়ৰ দুৰ্বৃত্তৰ, শংকিত সীমান্তবাসী অসমীয়া

পুনৰ অসমৰ ভূমিত মেঘালয়ৰ দুৰ্বৃত্তৰ তাণ্ডৱ ৷ অসম-মেঘালয় সীমান্তৰ কাৰ্বি ভূমিত নৱ নিৰ্মিত উমলাফেৰ-হাবাং সংযোগী পথত নিশা তাণ্ডৱ চলালে মেঘালয়ৰ দুৰ্বৃত্তই ৷ ভাঙি লণ্ডভণ্ড কৰিলে কালভাৰ্টৰ ৱাল আৰু নামফলক স্থানৰ বাবে নিৰ্মাণ কৰা পকী খুঁটা ৷

Success story of Tamulpur youth: গোৰেশ্বৰৰ উদ্যমী যুৱকৰ নেতৃত্বত আৰম্ভ অৰ্থনৈতিক বিপ্লৱ

তামুলপুৰ জিলাৰ এগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা সাৰ নিৰ্মাণকাৰী কোম্পানীয়ে দেশৰ বজাৰ দখল কৰিছে । নেপাল আৰু বাংলাদেশলৈও ৰপ্তানি হৈছে বিভিন্ন ৰাসায়নিক আৰু জৈৱিক সাৰ । নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ২০০ৰো অধিক লোকক দিছে সংস্থাপন ।

Covid Update: কৰ্ণাটকত বিদেশ ফেৰৎ 19গৰাকী যাত্ৰীৰ দেহত ক’ভিড পজিটিভ

কৰ্ণাটকত 19গৰাকী ব্যক্তি চিনাক্ত হৈছে ক’ভিড পজিটিভ হিচাপে ৷ ক’ভিড আক্ৰান্ত আটাইকেইগৰাকীয়ে বিদেশ ফেৰৎ যাত্ৰী ৷ বৰ্তমান কৰ্ণাটকৰ বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনসমূহত বৃদ্ধি কৰা হৈছে ক’ভিড পৰীক্ষা ৷ ৰাজ্যজুৰি কৰ্ণাটক চৰকাৰে জাৰি কৰিছে সতৰ্কতা ৷

Peace treaty with ZUF: মূল সুঁতিলৈ উভতিল নগা বিদ্ৰোহী সংগঠন জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্ট

দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিলে প্ৰায় এটা দশক ধৰি মণিপুৰত সক্ৰিয় হৈ থকা নগা বিদ্ৰোহী সংগঠন জেলিয়াংৰং ইউনাইটটেড ফ্ৰণ্টে ৷ সশস্ত্ৰ সংগঠনটোৱে জেলিয়াংৰং সকলৰ বাবে এক পৃথক ৰাজ্য গঠনৰ দাবীৰে আৰম্ভ কৰিছিল বিদ্ৰোহ ৷

ABOUT THE AUTHOR

...view details