ETV Bharat / bharat

Covid Update: কৰ্ণাটকত বিদেশ ফেৰৎ 19গৰাকী যাত্ৰীৰ দেহত ক’ভিড পজিটিভ

author img

By

Published : Dec 28, 2022, 9:51 AM IST

Covid Update
কৰ্ণাটকত বিদেশ ফেৰৎ 19গৰাকী যাত্ৰী ক’ভিড পজিটিভ চিনাক্ত

কৰ্ণাটকত 19গৰাকী ব্যক্তি চিনাক্ত হৈছে ক’ভিড পজিটিভ হিচাপে ৷ ক’ভিড আক্ৰান্ত আটাইকেইগৰাকীয়ে বিদেশ ফেৰৎ যাত্ৰী ৷ বৰ্তমান কৰ্ণাটকৰ বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনসমূহত বৃদ্ধি কৰা হৈছে ক’ভিড পৰীক্ষা ৷ ৰাজ্যজুৰি কৰ্ণাটক চৰকাৰে জাৰি কৰিছে সতৰ্কতা ৷

নেশ্যেনেল ডেস্ক, 28 ডিচেম্বৰ: চীনত পুনৰ ক’ভিডে(China covid 19) ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰততো বৃদ্ধি পাইছে ক’ভিড 19ত আক্ৰান্ত লোকৰ সংখ্যা(Covid positive in India) ৷ কৰ্ণাটকত বিশেদ ফেৰৎ 19গৰাকীকৈ যাত্ৰী চিনাক্ত হৈছে ক’ভিড 19 পজিটিভ হিচাপে(Covid positive in Karnataka) ৷ বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত(Bengaluru International Airport) RT-PCRৰ পৰীক্ষা কৰাৰ পিছতে ব্যক্তি কেইজন ক’ভিড 19ত আক্ৰান্ত হিচাপে চিনাক্ত হৈছে ৷ ইয়াৰ পিছতে এতিয়া অধিক সতৰ্ক হৈ পৰিছে কৰ্ণাটক চৰকাৰ ৷

উল্লেখ্য, ক’ভিড 19ৰ নতুন ভেৰিয়েণ্ট BF.7ৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পিছতে কৰ্ণাটক চৰকাৰে দেশজুৰি জাৰি কৰিছে সতৰ্কতা(Karnataka govt sounded alert on Covid guideline) ৷ বিমান বন্দৰ সমূহত প্ৰতিগৰাকী যাত্ৰীৰে পৰীক্ষা কৰাটো কৰা হৈছে বাধ্যতামূলক(Covid test in Airport) ৷ বিশেষকৈ বিদেশ ফেৰৎ লোকসকলৰ ক্ষেত্ৰত লোৱা হৈছে অধিক সতৰ্কতামূলক ব্যৱস্থা ৷

উল্লেখ্য যে, মঙলবাৰে বিমান বন্দৰত কৰা পৰীক্ষাত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল 19গৰাকী যাত্ৰী ৷ ক’ভিড আক্ৰান্তসকলক সকলো ক’ভিড বিধি পালন(Covid guideline) কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে সকলোকে হোম আইচ’লেশ্যনত(Home isolation) থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ৷ ক’ভিড আক্ৰান্তসকলক নিৰীক্ষণত ৰাখিছে স্বাস্থ্য বিভাগে ৷

ইফালে, অনাগত দিনত বিদেশৰ পৰা উভতি অহা আৰু অধিক ক’ভিড আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে চৰকাৰে ৷ যাৰ বাবে ৰাজ্যখনৰ বিমান বন্দৰ, ৰে’ল ষ্টেচন আদিত বৃদ্ধি কৰা হৈছে ক’ভিড পৰীক্ষা(Covid test in train station) ৷ উল্লেখ্য যে, কৰ্ণাটকত চলিত মাহত বিদেশৰ পৰা ঘূৰি অহাৰ 4দিনৰ পিছত প্ৰথমগৰাকী যাত্ৰী ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল ৷

ক’ভিড 19ৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতিখন ৰাজ্যই গ্ৰহণ কৰিছে অধিক সতৰ্কতামূলক ব্য়ৱস্থা ৷ বৰ্তমানেলৈকে যদিও কোনো এখন ৰাজ্যই ক’ভিড 19ক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু প্ৰয়োজনবশত পূৰ্বৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাজু হৈ আছে চৰকাৰ ৷

আনহাতে, মঙলবাৰৰ দিনটোত ৰাজধানী দিল্লীত(Covid positive in Delhi) 16গৰাকী ব্যক্তি চিনাক্ত হৈছিল ক’ভিড পজিটিভ হিচাপে ৷ বৰ্তমান ৰাজধানী দিল্লীত ক’ভিড পিজিটিভিটি হাৰ 0.44 শতাংশ ৷

লগতে পঢ়ক: Mock drill on covid preparedness: দেশজুৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগৰ ম’ক ড্ৰিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.