ETV Bharat / state

Success story of Tamulpur youth: গোৰেশ্বৰৰ উদ্যমী যুৱকৰ নেতৃত্বত আৰম্ভ অৰ্থনৈতিক বিপ্লৱ

author img

By

Published : Dec 28, 2022, 12:43 PM IST

তামুলপুৰ জিলাৰ এগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা সাৰ নিৰ্মাণকাৰী কোম্পানীয়ে দেশৰ বজাৰ দখল কৰিছে (Assam company success in national market)। নেপাল আৰু বাংলাদেশলৈও ৰপ্তানি হৈছে বিভিন্ন ৰাসায়নিক আৰু জৈৱিক সাৰ । নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ২০০ৰো অধিক লোকক দিছে সংস্থাপন ।

Tamulpur Fertilizer Company
গোৰেশ্বৰৰ উদ্যমী যুৱকৰ নেতৃত্বত আৰম্ভ অৰ্থনৈতিক বিপ্লৱ

গোৰেশ্বৰৰ উদ্যমী যুৱকৰ নেতৃত্বত আৰম্ভ অৰ্থনৈতিক বিপ্লৱ

তামুলপুৰ,২৮ ডিচেম্বৰ : কৃষি প্ৰধান ৰাজ্য অসমৰ প্ৰায় সকলো কৃষি কৰ্মতে বিভিন্ন ৰসায়নিক সাৰ, কীটনাশক, ঘাঁহ মৰা ঔষধ আদি ব্যৱহাৰ হয় । এনেধৰণৰ সামগ্ৰীৰে অসমৰ বজাৰ ভৰি থকাৰ সময়তে এগৰাকী শিক্ষিত অসমীয়া যুৱ উদ্যোগীৰ প্ৰচেষ্টাত উৎপাদন কৰা সামগ্ৰীয়ে আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । অসমত দেশী-বিদেশী প্ৰখ্যাত কোম্পানীৰ এনে প্ৰত্যাহ্বানৰ মাজতে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সমীপৱৰ্তী কাউৰবাহাৰ ছৈয়দ আব্দুল ছুইট নামৰ যুৱ উদ্যোগীজনৰ বিশ্বমুখী ব্যৱসায়িক যাত্ৰা আৰম্ভ হোৱাত স্বাভাৱিকতে আশাৰ ৰেঙনি দেখা গৈছে (Successful story of Goreswar youth)।

কিয়নো 'মনছুট কেম' ইণ্ডাষ্ট্ৰিছ' নামেৰে গোৰেশ্বৰৰ কাউৰবাহাত গঢ়ি তোলা কাৰখানাত প্ৰস্তুত কৰা সামগ্ৰীৰে সাৰৰ বজাৰ দখল কৰি অসমীয়া যুৱকজনে নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে ২২০ গৰাকী লোকক দিছে কৰ্ম সংস্থাপন (Monsut Chem Industries in Tamulpur)। কৃষি কৰ্মত ব্যৱহৃত সাৰ, ভিটামিন, কীটনাশক ঔষধ আদিৰে কৃষি অৰ্থনীতিৰ শক্তিশালী বুনিয়াদ গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা যুৱ উদ্যোগীজনৰ কোম্পানীটোত মুঠ ৭৩ বিধ সামগ্ৰী প্ৰস্তুত কৰা হয় (Fertilizer Manufacturing Company in Goreswar)। ইয়াৰ ভিতৰত কোম্পানীটোৱে প্ৰস্তুত কৰে ৮ বিধ বিভিন্ন প্ৰকাৰৰ জৈৱিক সাৰ ।

ৰাসায়নিক সাৰ জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেঁচু সাৰ প্ৰস্তুত কৰাত কোম্পানীটোৱে গুৰুত্ব দিছে ‌। ইয়াৰ বাবে গাঁৱে গাঁৱে গৰুৰ গোবৰ সংগ্ৰহ কৰিবলৈ কোম্পানীটোৱে 'ইনছিটো ভাৰ্মি কম্পোজ' শীৰ্ষক এক আঁচনিও গ্ৰহণ কৰিছে । কোম্পানীটোৱে জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ আৰু ৰাসায়নিক সাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, ওড়িশা, ঝাৰখণ্ডৰ উপৰিও নেপাল আৰু বাংলাদেশৰ বজাৰলৈও প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে গোৰেশ্বৰৰ কাউৰবাহাৰ যুৱক ছৈয়দ আব্দুল ছুইট কৃষি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেওঁ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু কলকাতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । তাৰ পাছত তেওঁ লক্ষ্ণৌৰ আই আই চি টিৰ পৰা এম বি এ ডিগ্ৰীও লয় । পৰবৰ্তী সময়ত চৰকাৰী সাহায্য অবিহনে জৈৱিক সাৰ উৎপাদনৰ কাৰখানা স্থাপন কৰি ইয়াৰ জৰিয়তে কৃষিৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰিছে উদ্যোগীজনে (Economic Revolution by Goreswar youth)।

ইফালে শিক্ষিত যুৱকজনৰ এনে পদক্ষেপৰ পাছতে অঞ্চলটোত আত্মনিৰ্ভৰশীল হোৱাৰ এক সজাগতাও সৃষ্টি হৈছে । বহুতে চৰকাৰী চাকৰিৰ আশা নকৰি স্বাৱলম্বী হোৱাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে ।

লগতে পঢ়ক :Assam Meghalaya Border Dispute: পুনৰ অসমৰ ভূমিত তাণ্ডৱ মেঘালয়ৰ দুৰ্বৃত্তৰ, শংকিত সীমান্তবাসী অসমীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.