অসম

assam

Himanta Biswa Sarma at GMCH : জিএমচিএইচত মুখ্যমন্ত্রীৰ ছাডেন ভিজিট

By

Published : Dec 19, 2021, 1:38 PM IST

শনিবাৰে নিশা জিএমচিএইচত আকস্মিকভাৱে উপস্থিত হয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma at GMCH) ৷ কৰ’ণা থাকিবই যেতিয়া, কৰ’ণাৰ সৈতে সহবাস কৰিয়েই জীৱন চলাই নিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

There is no new SOP for omicron
জি এম চি এইচত নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৯ ডিচেম্বৰ : অ'মিক্ৰণক লৈ সদ্যহতে কোনো ধৰণৰ নতুন এছ অ' পি নাহে (There is no new SOP for omicron) । এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কেন্দ্ৰীয় চৰকাৰে পূৰ্বে দিয়া এছ অ’ পিয়ে বৰ্তমান বাহাল থাকিব । কৰ’ণা থাকিবই যেতিয়া কৰ’ণাৰ সৈতে সহবাস কৰিয়েই জীৱন চলাই নিব লাগিব । সেয়ে জানুৱাৰী পৰা নীতি-নিৰ্দেশনা অধিক শিথিল হ'ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্যে মৃত্যুৰ হাৰ তথা অ'মিক্ৰণৰ সংক্ৰমণ অধিক হ'লে পিছত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

জি এম চি এইচত নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Gauhati Medical College and Hospital) ভ্ৰমণ কৰাৰ সময়ত এই বিষয়ে মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, অ'মিক্ৰণৰ বাবে ভাৰত চৰকাৰে জাৰি কৰা এছ অ’ পি-কে পালন কৰা হ’ব । নতুন এছ অ’ পিৰ কথা চিন্তা কৰা হোৱা নাই । অ'মিক্ৰণ আহিলে নতুন এছ অ’ পিৰ কথা চিন্তা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক এনেই ভয় নকৰিবলৈ আহ্বান জনাই কয় যে, ক'ভিডৰ চিকিৎসা চলি থাকিব । ভেকচিন নোলোৱা লোকৰ বাবে থাকিব কিছু নীতি-নিয়ম । জিএমচিএইচ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ বিভিন্ন দিশৰ বুজ লয় । জিএমচিএইচৰ অধীক্ষক আৰু অধ্যক্ষক লৈ মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি ৰোগীৰ সৈতেও বাৰ্তালাপ কৰে ।

জি এম চি এইচত নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পহিলা জানুৱাৰীৰ পৰা বন্ধ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল (Services at Mahendra Mohan Choudhury Hospital will be shut from 2022 Jan 1) । ইয়াৰ পৰিৱৰ্তে দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব । তেওঁ লগতে কয় যে, পাণ্ডু আৰু ধীৰেনপাৰাৰ হাস্পতালত জিএমচিএইচৰ অধীনলৈ আনি ৰোগীৰ চিকিৎসা কৰা হ'ব ৷

আনহাতে, জিএমচিৰ চিকিৎসকে কৰ্তব্যৰ সময়ত ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসা প্ৰদান কৰাৰ বিষয়ে অভিযোগ লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰে ।

উল্লেখ্য যে, পহিলা জানুৱাৰীৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত অস্থায়ীৰূপে সেৱা প্ৰদান বন্ধ ৰাখিব ৷ আনকি চিকিৎসাধীন ৰোগীসকলৰ সুবিধাৰ্থে পাণ্ডু এফ আৰ ইউ আৰু ধীৰেনপাৰাস্থিত চিকিৎসালয় জি এম চি এইচৰ দ্বাৰা পৰিচালনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

জি এম চি এইচত নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

পৰিদৰ্শনকালত বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কিছুসংখ্যক চিকিৎসক আৰু নাৰ্ছে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভৱিষ্যতে এনে কাৰ্যৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক নিৰ্দেশ দিয়ে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীৰ সুবিধাৰ্থে কিদৰে আই চি ইউৰ সংখ্যা বৃদ্ধি কৰিব পাৰি আৰু ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'বলগীয়া চুপাৰস্পেচিয়েলিটি বিভাগৰ সেৱা প্ৰদান সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে বিশদভাৱে আলোচনা কৰে ।

লগতে পঢ়ক :Goa Liberation Day : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গোৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প

ABOUT THE AUTHOR

...view details