ETV Bharat / bharat

Goa Liberation Day : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গোৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প

author img

By

Published : Dec 19, 2021, 10:16 AM IST

প্ৰতিবছৰৰ দৰে এইবেলিও দেওবাৰে গোৱা মুক্তি দিৱস পালন কৰা হ'ব (Goa Liberation Day celebration) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল'ব মুক্তি দিৱসৰ কাৰ্যসূচীত । কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Goa Liberation Day
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব গোৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 'অপাৰেচন বিজয়'ৰ জৰিয়তে গোৱাক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল । এই সফলতাক স্মৰণ কৰি প্ৰতিবছৰে ১৯ ডিচেম্বৰত গোৱা মুক্তি দিৱস হিচাপে পালন কৰা হয় (Goa Liberation Day celebration)।

এইবছৰ গোৱা মুক্তি দিৱস উপলক্ষে দেওবাৰে ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । যাৰ বাবে ৰাজ্যখনত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

  • I look forward to being in Goa tomorrow to join the Goa Liberation Day celebrations. Multiple development works will also be inaugurated tomorrow which will positively transform the lives of Goa’s wonderful people. https://t.co/cRlDVZhGW5 pic.twitter.com/x2JpRwto1p

    — Narendra Modi (@narendramodi) December 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সেই অনুসৰি, বিয়লি ৩ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । তেওঁ অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী আৰু 'অপাৰেচন বিজয়'ৰ প্ৰাক্তন যোদ্ধাসকলক সম্বৰ্ধনা জনাব । ইয়াৰ উপৰিও পুনৰ নিৰ্মাণ কৰা আগুয়াদা ফ’ৰ্টৰ কাৰাগাৰৰ সংগ্ৰহালয়, ৩৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোৱা চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ব্লক, প্ৰায় ২২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নিউ চাউথ গোৱা জিলা চিকিৎসালয়, মোপা বিমানবন্দৰৰ বিমান দক্ষতা বিকাশ কেন্দ্ৰ আৰু মাৰগাঁৱৰ ডাবলিম-নাভেলিমত গেছ-ইনচুলেটেড চাব ষ্টেচনকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ।

মোডীয়ে গোৱাত ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্ছিটি অৱ লিগেল এডুকেশ্বন এণ্ড ৰিচাৰ্ছ অৱ বাৰ কাউঞ্চিল অৱ ইণ্ডিয়া ট্ৰাষ্টৰ আধাৰশিলা স্থাপন কৰিব । আজি গোৱা মুক্তি সংগ্ৰামত শ্বহীদ হোৱা নেতাসকলক স্মৰণ কৰাৰ লগতে সেই সময়ত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ ছবিৰ ক’লাজ দেখুওৱা এক 'মেঘদূত পোষ্টকাৰ্ড' মুকলি কৰা হ’ব । সমান্তৰালকৈ তেওঁ গোৱাৰ শ্ৰেষ্ঠ পঞ্চায়ত, পৌৰসভা, স্বয়ংপূৰ্ণ মিত্ৰ আৰু হিতাধিকাৰীসকলক বঁটা প্ৰদান কৰিব ৷

লগতে পঢ়ক :75 years of independence : ভাঞ্চি, স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.