অসম

assam

Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা

By

Published : Jul 3, 2023, 9:09 AM IST

Updated : Jul 3, 2023, 11:44 AM IST

সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা আৰু নাই ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ ৷ ৰাজ্যজুৰি শোকৰ ছাঁ ৷

sudakhins sarma is no more
শেষ শয়ণত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা

নিউজ ডেস্ক, 3 জুলাই :এটা যুগৰ অৱসান ৷ গণশিল্পী তথা ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাৰ দেহাৱসান ৷ সোমবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ৷ বিগত 23 জুনৰ পৰা নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ গণশিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল ৷ 1934 চনৰ 8 আগষ্টৰ দিনা জন্মলাভ কৰিছিল সুকন্ঠী গায়িকাগৰাকীয়ে ৷

7 দশকতকৈয়ো অধিক সময় সংগীতেৰে জাতিটোক সমৃদ্ধ কৰি আহিছিল প্ৰয়াত সুদক্ষিণা শৰ্মাই ৷ শৈশৱতেই জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰি সাংস্কৃতিক জগতখনৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰয়াত শৰ্মাই মাত্ৰ দহ বছৰ বয়সতে কলকাতাত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে যুটীয়া কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’, ‘বিশ্বৰে ছন্দে ছন্দে’, অ' মইনাকে ধৰি চাৰিটাকৈ গীত বাণীবদ্ধ কৰিছিল । গণশিল্পী প্ৰয়াত দিলীপ শৰ্মাৰ সংগ্ৰামী জীৱনৰ সতীৰ্থ সুদক্ষিণা শৰ্মাৰ গণনাট্য সংঘৰ সৈতেও আছিল ওতপ্ৰোত সম্পৰ্ক ৷ এই যুটীয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এসময়ত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিষ্ণু প্ৰসাদ ৰাভাৰ তত্বাৱধানতে আৰম্ভ হৈছিল শিল্পীগৰাকীৰ সাংগীতিক যাত্ৰা । মণিৰাম দেৱান, চিকমিক বিজুলী আদি ছবিতো কণ্ঠ নিগৰাইছিল প্ৰয়াত শৰ্মাই ।

দুৰ্ভাগ্যজনক বিষয় যে, পুত্ৰ ঋষিৰাজ শৰ্মাৰ বিয়োগৰ পিচতে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল সুদক্ষিণা শৰ্মাৰ ৷ তেওঁৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ লগতে শাসক-বিৰোধী সকলোৱে দুখ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৷ সমগ্ৰ অসম ম্ৰিয়মান হৈ পৰিছে গণশিল্পীগৰাকীৰ প্ৰয়াত হোৱাৰ খবৰ লাভ কৰি ৷

2002 চনত সংগীত নাটক অকাডেমীৰ খিতাপ লাভ কৰা সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ সুদক্ষিণা শৰ্মাৰ এটি সাংস্কৃতিক মন থকাৰ লগতে আছিল বিজ্ঞানমনস্কতা ৷ মৃত্যুৰ পূৰ্বেই প্ৰগতিশীল গায়িকা সুদক্ষিণা শৰ্মাই চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে তেওঁৰ দেহটো ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি দান কৰি থৈ গৈছে ৷ প্ৰয়াত শৰ্মাৰ নশ্বৰদেহ দুপৰীয়া 2 বজালৈ দক্ষিণ শৰণীয়াস্থিত তেওঁৰ বাসগৃহত ৰখাৰ পিচত 2:30 বজাত দেহদানৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ কায়িকভাৱে আঁতৰি গ’লেও অসমবাসীৰ মাজত সদায়ে শোষিত-বঞ্চিতৰ এক শক্তিশালী কণ্ঠ হৈ জীয়াই থাকিব গণশিল্পী সুদক্ষিণা শৰ্মা ৷

লগতে পঢ়ক :constituency delimitation : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated :Jul 3, 2023, 11:44 AM IST

ABOUT THE AUTHOR

...view details