গুৱাহাটী, ১০ মাৰ্চ :আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন । ১৬ মাৰ্চৰ দিনা বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ বাজেট (Finance minister Ajanta Neog comments on budget) । আজি অধিৱেশনৰ প্ৰথমদিনা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেট সন্দৰ্ভত কেতবোৰ আভাস দিয়ে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অজন্তা নেওগে কয় যে ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণক উপকৃত কৰিব পৰাকৈ বাজেটত গুৰুত্ব দিয়া হৈছে ।
তেওঁ লগতে কয় যে এইবাৰৰ বাজেটত যুৱক-যুৱতী, পুৰুষ-মহিলা, শিশু, বৃদ্ধ-বৃদ্ধা, দৰিদ্ৰ, মধ্যবিত্ত সকলো স্তৰৰ মানুহকে সামৰি লোৱা হ’ব । প্ৰতিখন বাজেটত নতুন আঁচনিৰ অন্তৰ্ভুক্ত হয় আৰু কিছুমান পূৰ্বৰ আঁচনি বাদ দিয়া হয় । বাজেটত মানুহে ভাল ফল লাভ কৰিব পৰা আঁচনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয় ।
উল্লেখ্য যে, ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেট (Ajanta Neog will present annual State budget for 2023-24 on March 16) । দুটা কাৰণত এইবাৰৰ বাজেট বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এটা হৈছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন । লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰি সমষ্টিয়ে সমষ্টিয়ে নামি পৰিছে ।
বাদ পৰি থকা নাই শাসকীয় দল বিজেপিও । বৰং আন ৰাজনৈতিক দলতকৈ এঢাপ আগুৱাই আছে বিজেপি । ৰাজ্যৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিৰ হাতত বৰ্তমান আছে ৯ টা লোকসভা সমষ্টি । কিন্তু বিজেপিয়ে পূৰ্বতকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আসন বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে ।
এইবাৰ বিজেপিৰ লক্ষ্য ১২ টা লোকসভা সমষ্টি । তাৰ ভিতৰত বিজেপিৰ বিশেষ লক্ষ্য হৈছে কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টি । এই তিনিওটা সমষ্টি কংগ্ৰেছৰ দখলত আছে । কলিয়াবৰ নিজৰ দখললৈ নিবলৈ ইতিমধ্যে বিজেপিয়ে ৰণকৌশল তৈয়াৰ কৰিছে আৰু সমষ্টিটোৰ প্ৰতিখন গাঁৱতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সঘন ভ্ৰমণ ঘটিছে ।