অসম

assam

Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

By

Published : Feb 28, 2023, 8:43 AM IST

ছেবাৰ দ্বাৰা ৰাজ্যৰ শতাধিক বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (SMSS opposes decision to cancel school accreditation) ৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে ছেবাৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ সংগঠনটোৱে ৷

SMSS Condemned the SEBA decision
131 খন বিদ্যালয়লৈ ছেবাৰ স্বীকৃতি বাতিল

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা ৰাজ্যৰ শতাধিক বিদ্যালয়ৰ স্বীকৃতি ছেবাই শেহতীয়াকৈ বাতিল কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (SMSS opposes decision to cancel school accreditation)। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ সভাপতি মানস কোঁৱৰ, দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি পাপু দত্ত, ৰাহুল চৌধুৰী, কাশ্যপ নন্দন কলিতা, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, ৰাহুল ছেত্ৰীয়ে ছেবাৰ দ্বাৰা শতাধিক স্কুল বন্ধ কৰাৰ সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰি অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে । কি কাৰণত বিদ্যালয়কেইখনৰ ফলাফল বেয়া হৈছে তাক লৈহে আঁচনি যুগুত কৰিব লাগিছিল বুলি উল্লেখ কৰে সমিতিয়ে (SMSS condemned the SEBA decision)।

এই ক্ষেত্ৰত বিদ্যালয় বন্ধৰ কথা ঘোষণা কৰাৰ সলনি শিক্ষামন্ত্ৰীয়ে নিজেই বিদ্যালয়সমূহ পৰিদৰ্শন কৰি কিয় ফলাফল বেয়া হৈছে তাৰহে চৰজমিন তদন্ত কৰাৰ প্ৰয়োজন আছিল বুলি সংগঠনটোয়ে উল্লেখ কৰে । ৰাতিৰ ভিতৰতে বিদ্যালয় বন্ধৰ জাননী প্ৰদান কৰাত সমগ্ৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ ভাবুকি আহি পৰা পৰিলক্ষিত হৈছে । শিক্ষাৰ অধিকাৰ সাধাৰণ শ্ৰেণীৰ হাতৰ পৰা‌ কাঢ়ি নিবলৈ বিচৰা হৈছে । শিক্ষাক ব্যৱসায়ত পৰিণত কৰা চৰকাৰে ৰাজ্যৰ ইখনৰ পিছত সিখন বিদ্যালয় বন্ধৰ সিদ্ধান্ত লৈছে । দিল্লীৰ শিক্ষা মডেলক উপলুঙা কৰা হিমন্ত বিশ্ব শৰ্মাৰ নিজ ৰাজ্যতে বিদ্যালয় বন্ধ কৰিবলগীয়া হোৱা কাৰ্যই সমগ্ৰ দেশতে অসমৰ নাক কটা যোৱা বুলি উল্লেখ কৰি সংগঠনটোৰ শীৰ্ষ নেতৃত্বই বিদ্যালয়ৰ শিক্ষকসকলক পাঠদানৰ বাদে আন সকলো কামৰ পৰা আঁতৰোৱাৰ লগতে স্কুলসমূহৰ আন্তঃগাঠনি বিশ্বমানৰ কৰি গঢ়ি তুলিবলৈ দাবী জনায় (SEBA revokes recognition of 131 schools) ।

উল্লেখ্য যে ছেৱাৰ দ্বাৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল দেখুৱাযই অহা ছেৱাৰ অধীনত থকা ৰাজ্যৰ 131 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে । ইয়াকে লৈ ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ । যোৱা 14 ফেব্ৰুৱাৰীত ছেৱাৰ দ্বাৰা জাৰি কৰা এক জাননী মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি বেয়া ফলাফল প্ৰৰ্দশন কৰি অহা 107 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে । আকৌ সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি বেয়া ফলাফল প্ৰৰ্দশন কৰি অহা 24 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে । এই কথা সোমবাৰে ই টি ভাৰতৰ সাংবাদিকৰ সৈতে ফোনযোগে হোৱা কথা বতৰাত ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনাইছে এই তথ্য (SEBA canceled the accreditation of 131 schools) ।

উল্লেখ্য যে যোৱা 14 ফেব্ৰুৱাৰীৰ দিনা ছেবাৰ দ্বাৰা জাৰি কৰা এক জাননীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্যৰ পৰা ১০ % ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা 294 বিদ্যালয় ছেৱাই চিহ্নিত কৰে । তাৰ পিছত যোৱা বছৰ 28 জুন আৰু 11 জুলাইত এই 294 বিদ্যালয়লৈ ছেবাই কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে । ইয়াৰে 187 খন বিদ্যালয়ে ছেৱাৰ জাননীৰ প্ৰতি সঁহাৰি প্ৰদান কৰিছিল , কিন্তু বাকী 107 খন বিদ্যালয়ে ছেবাৰ জাননীৰ প্ৰতি কোনো সহাঁৰি দিয়া নাছিল ।

যাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ 14 জানুৱাৰীত এক জাননী যোগে অহা 31 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ 107 খন বিদ্যালয়ৰ ছেবাৰ স্বীকৃতি বাতিল কৰে । লগতে অহা 1 এপ্ৰিলৰ পৰা স্বীকৃতি বাতিল কৰা এই 107 খন বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব কোনো শিক্ষাৰ্থীয়ে ।

লগতে পঢ়ক :Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details