অসম

assam

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল

By

Published : Sep 21, 2021, 1:46 PM IST

nomination filing by sonowal for rajyasabha
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল ()

মনোনয়ন দাখিলৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োও উপস্থিত আছিল ।

গুৱাহাটী ,২১ ছেপ্তেম্বৰ : ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে আজি অৰ্থাৎ মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোণোৱালে দিছপুৰৰ অসম বিধানসভা চৌহদত থকা ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত পুৱাৰ ভাগত সদলবলে উপস্থিত হৈ দাখিল কৰে মনোনয়ন । ৪ অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন ।

ৰাজ্যসভাত অসমৰ খালী হৈ আছে এখন আসন । ৰাজ্যসভাৰ এই আসনৰ নিৰ্বাচনৰ বাবে আজি সোণোৱালে মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল

তদুপৰি মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ লগত উপস্থিত আছিল ।

আনহাতে, হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে কেইবাগৰাকী বিধায়কো মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল । মনোনয়ন দাখিল পৰ্বৰ পাচত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় -'অসমৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচনৰ বাবে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰিলে । মিত্ৰদল অগপ আৰু ইউ পি পি এল দলে তেখেতৰ প্ৰাৰ্থীত্বক সমৰ্থন জনাইছে ।’

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল

জানিব পৰা মতে, বিৰোধী দলে এই আসনখনৰ বাবে প্ৰাৰ্থী দিব বিচৰা নাই । মই বিৰোধী দলক এই সহযোগীতাৰ বাবে ধন্যবাদ জনাইছো । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালকো অভিনন্দন জনাইছো । তেখেতে সংসদৰ পৰা আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী সদস্য হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে অৱদান আগবঢ়াই যাব পাৰে বুলি আমি আশা প্ৰকাশ কৰো’।

উল্লেখ যে, বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পাচতে ৰাজ্যসভাৰ এখন আসন খালী হৈ আছিল ।

লগতে পঢ়ক:আলফা(স্বা)ৰে প্ৰাথমিক আলোচনা কৰিবলৈ মুখ্যমন্ত্রীক কৰ্তৃত্ব প্ৰদান

ABOUT THE AUTHOR

...view details