আলফা(স্বা)ৰে প্ৰাথমিক আলোচনা কৰিবলৈ মুখ্যমন্ত্রীক কৰ্তৃত্ব প্ৰদান

author img

By

Published : Sep 21, 2021, 11:09 AM IST

Updated : Sep 21, 2021, 12:04 PM IST

cm himanta biswa sarma meeting with amit shah

সোমবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ গুৰুত্বপূৰ্ণ বৈঠক । গৃহমন্ত্ৰীৰে আলফা(ULFA)ৰ লগতে আন কেইবাটাও বিষয়ত আলোচনা মুখ্যমন্ত্ৰীৰ । পৰৱৰ্তী সময়ত আলফাৰ সৈতে শান্তি আলোচনাত জড়িত হ’ব পাৰে কেন্দ্ৰ ৷

গুৱাহাটী, 21 ছেপ্তেম্বৰ : আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ ক্ষেত্ৰত কৰ্তৃত্ব প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ক । সোমবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা ।

উক্ত বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা চলোৱাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘‘মই গৃহমন্ত্ৰীৰে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বিষয়টো আলোচনা কৰিছো । তেওঁ মোক আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে’’ ।

cm himanta biswa sarma meeting with amit shah
অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, যদি সকলো ঠিকমতে আগবাঢ়ে, তেন্তে পৰৱৰ্তী সময়ত আলফাৰ সৈতে শান্তি আলোচনাত কেন্দ্ৰ জড়িত হ’ব পাৰে । ইফালে NSCN(IM)ৰ সৈতে চলি থকা শান্তি আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা বিজেপি নেতৃত্বাধীন নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স (NEDA)ৰ আহ্বায়ক শৰ্মাই কয় যে, তেওঁ NSCN(IM)ৰ সৈতে শান্তি আলোচনাত আংশিকভাৱে জড়িত যদিও আনুষ্ঠানিকভাৱে বিদ্ৰোহী সংগঠনটোৰ সৈতে কোনো আলোচনাত বহা নাই ।

উল্লেখ্য যে, মঙলবাৰে NSCN(IM)ৰ সৈতে আলোচনাত বহিবৰ বাবে ডিমাপুৰলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC)সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে অসমত এন আৰ চিৰ এক পুনৰীক্ষণ বিচাৰিছে । অৱশ্যে এইক্ষেত্ৰত একমাত্ৰ উচ্চতম ন্যায়ালয়েহে এক সিদ্ধান্ত গ্ৰহণ কৰিব । কিয়নো এন আৰ চি সৰ্বোচ্চ আদালতৰ প্ৰত্যক্ষ নিৰীক্ষণৰ অধীনত প্ৰস্তুত কৰা হৈছিল’’ ।

গৃহমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বিভিন্ন কেন্দ্ৰীয় আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা প্ৰচেষ্টাৰ বিষয়েও গৃহমন্ত্ৰী শ্বাহক অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: কোনোপধ্যেই CISFৰ গুণ্ডাগিৰি সহ্য নকৰো: আটছা

Last Updated :Sep 21, 2021, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.