অসম

assam

Bohagi Utsav 2023: মুম্বাইত ৰঙালী বিহু উদযাপন

By

Published : May 3, 2023, 12:30 PM IST

মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা-আছামিজ পিপলছ এছ'চিয়েছনৰ উদ্যোগত ৰঙালী বিহুক ব'হাগী উৎসৱ হিচাপে পালন ৷ বিহু গীত, বিহু নৃত্য, হুঁচৰি, আদিকে ধৰি এক বাৰেৰহণীয়া কাৰ্যসূচীৰে পালন কৰা হয় ব'হাগী উৎসৱৰ ।

Bohagi Utsav 2023
মুম্বাইত ৰঙালী বিহু উদযাপন

নিউজ ডেস্ক, 3 মে‘: ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ । ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন ৰঙীন কৰি তুলিছে । ৰাজ্যবাসীৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত অসমীয়াই চেনেহৰ ৰঙালীক আদৰিছে । সমান্তৰালকৈ যোৱা 30 এপ্ৰিলৰ দিনা মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা-আছামিজ পিপলছ এছ'চিয়েছনে ৰঙালী বিহুটি ব'হাগী উৎসৱ হিচাপে পালন কৰে । উক্ত দিনা মীৰা ৰোডৰ (পূব) ভাৰত ৰত্ন লতা মংগেশকাৰ নাট্যগৃহত বিয়লি 4 বজাৰপৰা নিশা 10 বজালৈ বিহু গীত, বিহু নৃত্য, হুঁচৰি, মহাৰাষ্ট্ৰৰ লাউনী নৃত্য, বাংলা নৃত্য আদিকে ধৰি এক বাৰেৰহণীয়া কাৰ্যসূচীৰে ব'হাগী উৎসৱ পালন কৰা হয় (Rongali Bihu Celebration at Mumbai) ।

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে মহাৰাষ্ট্ৰৰ আৰক্ষী অধীক্ষক শিৰীষ জৈন আৰু তেখেতৰ সহধৰ্মিনী তথা বলীউডৰ অভিনেত্ৰী ৰজনী বসুমতাৰী আৰু সমাজকৰ্মী তথা অসমীয়া প্ৰবীণ অভিনেত্ৰী যুতিকা মহন্ত আৰু উৰ্মিলা মহন্ত‌ উপস্থিত থাকি বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

সাংস্কৃতিক সন্ধিয়াত অসম সন্তান তথা বলীউডৰ জনপ্ৰিয় সংগীত প্ৰযোজক ডনী হাজৰিকাৰ তত্বাবধানত এগৰাকী মাৰাঠী সংগীত শিল্পী ৰাগিনীয়ে মাৰাঠী গীতৰ লগতে বিহুগীত পৰিৱেশন কৰাৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতটিও পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জীপাল কৰি তোলে । অন্যহাতে আৰে কম্পিত মাধৱ বৰগীতেৰে অসমৰ সংগীত জগতত পুনৰবাৰ নিজক চিনাকি দিবলৈ সক্ষম হোৱা মিজু গীতাশ্ৰী, কেশৱ বৰুৱাৰ লগতে অসমৰ প্ৰখ্যাত সংগীত বাদকসকলে ৰঙালীৰ ৰং সানি অনুষ্ঠানটি ৰঙীন কৰি তোলে ।

সংগীত সংস্কাৰ একাডেমিৰ শিল্পীসকল (দহজনৰ সাতজনেই অনা-অসমীয়া), অসম গৌৰৱ দুই প্ৰসিদ্ধ সন্তান অমৃত প্ৰীতম দত্ত আৰু দেৱজিৎ চাংমাইকে প্ৰমুখ্য কৰি বহু অসমীয়া আৰু অনা অসমীয়া লোক উপস্থিত থাকি ৰঙালীৰ ৰঙত বুৰ যায় । উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গগনা মুম্বাইলৈ এখনি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি মুম্বাইবাসী ৰাইজলৈ তথা গগনা মুম্বাইলৈ অযুত মনোবল কঢ়িয়াই আনে ।

এই অনুষ্ঠানলৈ বিশেষভাৱে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেইণ্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই ৷ অসমীয়া থলুৱা খাদ্য সম্ভাৰ লৈ বহা বিপণীকে প্ৰমুখ্য কৰি স্বাস্থ্য সম্পৰ্কীয় সামগ্ৰী আৰু বস্ত্ৰৰ বিপনীয়েও ব'হাগী উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে ল'খন্দৱালাৰ কৰ্পৰেটৰ সুৰেখা পাটিলেও অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

গগনা মুম্বাইৰ সাধাৰণ সম্পাদক মাধূৰ্য্য নাৰায়ণ বৰাই বিহু সমিতিৰ বিষয়-ববীয়াসকল, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা সকলো ৰাইজক ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানৰ শেষত সকলো প্ৰবাসী অসমীয়া মিলি লগে ভাগে এসাঁজ খোৱাৰ লগতে ব'হাগী উৎসৱ সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনায় । উল্লেখযোগ্য যে গগনাই পূৰ্বৰেপৰা এইদৰেই নিজৰ সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে কাম কৰি আহিছে ।

লগতে পঢ়ক: Bihu Celebration in Bahrain: বাহৰেইনত প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details