Bihu Celebration in Bahrain: বাহৰেইনত প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন

By

Published : Apr 29, 2023, 1:15 PM IST

thumbnail

গুৱাহাটী, 29 এপ্ৰিল: ৰাজ্যজুৰি উলহ-মালহেৰে ৰঙালী বিহু উদযাপন কৰাৰ সমান্তৰালভাৱে কৰ্মসূত্ৰে বিদেশত থকা প্ৰবাসী অসমীয়া সকলেও উদযাপন কৰিছে হেপাঁহৰ ৰঙালী বিহুটি ৷ পিছ পৰি নাথাকিল মধ্যপ্ৰাচ্যৰ চহকী ৰাষ্ট্ৰ বাহৰেইনত বাস কৰা প্ৰবাসী অসমীয়াসকলো (Assamese Community in Bahrain Calebrates Bihu) ৷

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক বাহৰেইনবাসীৰ সন্মুখত উপস্থাপন কৰাৰ উদ্দেশ্যেৰে মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত থকা প্ৰবাসী অসমীয়াসকলে প্ৰদৰ্শন কৰিলে বিহু নৃত্য ৷ পৰম্পৰাগত অসমীয়া সাজ-পাৰ পৰিধান কৰি বাহৰেইনৰ প্ৰবাসী অসমীয়াসকলে পৰিৱেশন কৰা বিহু নৃত্যৰ এটা ভিডিও ইতিমধ্যে ছচিয়েল মিডিয়াত প্ৰচাৰ  হৈছে ৷ অসমীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত অৰ্থাৎ গৰু বিহুৰ দিনা বাহৰেইনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত পিয়ুষ শ্ৰীবাস্তৱে বিহু নৃত্যৰ ভিডি'অটো মুকলি কৰে (Bihu Dance of Assamese Community in Bahrain) ৷ ভাৰতৰ ৰাষ্ট্ৰদূত জনে বিহু নৃত্যৰ ভিডিঅ’টো প্ৰশংসা কৰাৰ লগতে ইয়াক দৃষ্টিনন্দন ৰূপত প্ৰদৰ্শন কৰা প্ৰবাসী অসমীয়া বিহুৱা-বিহুৱতীৰ দলটোক অভিনন্দন জ্ঞাপন কৰে (Rangali Bihu Celebration in Bahrain) ।  

বাহৰেইনত প্ৰবাসী অসমীয়াসকলক সাদৰৰে আকোঁৱালি লোৱাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে ৰাষ্ট্ৰখনৰ আবাসীসকলৰ বাবে উসৰ্গিত কৰা হৈছিল এই ভিডিঅ’টো ৷ ভিডিঅ’টোত প্ৰদৰ্শিত বিহু নৃত্যত অংশগ্ৰহণ কৰিছিল 'বাহৰেইন অসমীয়া সমাজ' হিচাবে নিজকে পৰিচয় দিয়া আৰু কৰ্মসূত্ৰে বাহৰেইনত থকা অসমীয়াসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে (Rangali Bihu Celebration in Bahrain) ৷

লগতে পঢ়ক: Moran Bihu: তিনিচুকীয়াৰ মামৰণী গাঁৱত মৰাণ জনগোষ্ঠীৰ ধৰ্ম হুঁচৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.