অসম

assam

Guwahati double murder : শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট DNA পৰীক্ষাৰ বাবে ফৰেনছিকলৈ প্ৰেৰণ

By

Published : Mar 11, 2023, 9:50 PM IST

অব্যাহত আছে মহানগৰীৰ ডাবল মাৰ্ডাৰ তদন্তৰ প্ৰক্ৰিয়া (Guwahati double murder) । আদালতৰ অনুমতি লৈ আৰক্ষীয়ে শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট DNA পৰীক্ষাৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহো ফৰেনছিকলৈ প্ৰেৰণ কৰিছে (Remains of Shankari Dey and Amarjyoti Dey dead body sent to forensic for DNA test) ।

Guwahati double murder
অব্যাহত আছে মহানগৰীৰ ডাবল মাৰ্ডাৰ তদন্তৰ প্ৰক্ৰিয়া

গুৱাহাটী, ১১ মাৰ্চ :চৰ্চাত আজিও গুৱাহাটী মহানগৰীৰ ডাবল মাৰ্ডাৰৰ ঘটনা (Bandana Kalita Murder case) ৷ মহানগৰীৰ ডাবল মাৰ্ডাৰক বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিবলৈ টঙালি বান্ধিছে মহানগৰ আৰক্ষী । কিয়নো আৰক্ষীয়ে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিব নোৱাৰিলে আইনৰ সুৰুঙা লৈ সাৰি যাব ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগী ক্ৰমে ধনটি ডেকা আৰু অৰূপ ডেকা ।

শনিবাৰে আদালতৰ অনুমতি লৈ শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট DNA পৰীক্ষাৰ বাবে ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে (Remains of Shankari Dey and Amarjyoti Dey dead body sent to forensic for DNA test) । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহো ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে, দিল্লীৰ পৰা অহা কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰে বন্দনা কৰিতাৰ মনস্তাত্ত্বিক দিশটো বিশ্লেষণ কৰি গৈছে ৷ অৱশ্যে বৰ্তমানলৈকে অহা নাই সেই প্ৰতিবেদন ৷ সেই প্ৰতিবেদন আহিলেহে কি উদ্দেশ্যে দুই মাতৃ-পুত্ৰক বন্দনা কলিতাই হত্যা কৰিছিল তাৰ প্ৰকৃত উদ্দেশ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, বৰ্বৰ বন্দনা কলিতাৰ নৃশংস হত্যাকাণ্ডই ৰাজ্য জোকাৰি গৈছিল (Brutal murder in Guwahati) । বন্দনা কলিতাই তেওঁৰ অবৈধ প্ৰেমিক ধনটি ডেকা আৰু বন্ধু অৰূপ ডেকাৰ সহযোগত ৭ মাহ পূৰ্বে গুৱাহাটীৰ মাজমজিয়াত নৃশংসভাৱে হত্যা কৰিছিল শাহুৱেক আৰু স্বামীক । এই নৃশংস হত্যাকাণ্ড ঘটনাটো পোহৰলৈ আহিছিল ফেব্ৰুৱাৰী মাহত ।

তাৰ পিচতে গ্ৰেপ্তাৰ হৈছিল বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকা । তিনি অভিযুক্তক আৰক্ষীয়ে লগত লৈ ডাউকীত অভিযান চলাই উদ্ধাৰ কৰিছিল শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট অংশ । ইফালে, এই হত্যাকাণ্ডত ব্যৱহৃত দাখনো মহানগৰীৰ বোন্দাজানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

সম্প্ৰতি জেলত দিনত কটাইছে ধৃত তিনি অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকা ৷

লগতে পঢ়ক :Guwahati double murder update: নাৰেংগী আৰু চানমাৰিত দিল্লীৰ ফৰেন্সিকৰ দলৰ অভিযান

ABOUT THE AUTHOR

...view details