অসম

assam

Illegal coal mining in ASSAM; ৰাজ্যত অবাধ গতিত চলি আছে কয়লাৰ অবৈধ খনন, নিচুপ প্ৰশাসন : ৰাইজৰ দল

By

Published : Mar 24, 2023, 10:50 PM IST

শুকুৰবাৰে কয়লাৰ অবৈধ খনন সম্পৰ্কত ৰাইজৰ দলে আয়োজন কৰে এক সংবাদ মেল (Illegal coal mining in Assam) ৷ এই সংবাদ মেলতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই কয়লাৰ অবৈধ খননৰ লগতে অবৈধ সৰবৰাহ সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে (Raijor Dal press meet on Illegal coal mining in ASSAM) ৷

Illegal coal mining in ASSAM
কয়লাৰ অবৈধ খননৰ বিৰুদ্ধে সৰব ৰাইজৰ দল

কয়লাৰ অবৈধ খননৰ বিৰুদ্ধে সৰব ৰাইজৰ দল

গুৱাহাটী, ২৪ মাৰ্চ :কয়লাৰ অবৈধ খননৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাইজৰ দল (Illegal coal mining in Assam)। এই সন্দৰ্ভত ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই ৰাজ্য চৰকাৰৰ ছত্ৰছায়াত ৰাজ্যত অবাধ গতিত চলি থকা কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে ।

ৰাইজৰ দলৰ নেতাগৰাকীয়ে ২০২২ বৰ্ষৰ ১৪ ডিচেম্বৰত অসমৰ সাংসদ নৱ কুমাৰ শৰণীয়াই লোকসভাত উত্থাপন কৰা কেতবোৰ প্ৰশ্নৰ উদ্ধৃতি দি কয় যে ১ এপ্ৰিল ২০২২ চনলৈকে অসমত একমাত্ৰ তিকক (OC) নামৰ কয়লাৰ খনিটোহে কাৰ্যক্ষম হৈ আছে । ইয়াৰ লগতে বৰগোলাই (UG), লিডু (UG), জয়পুৰ (UG), লিডু (OC), টিৰাপ (OC) আৰু টিপং (UG) নামৰ ছটা কয়লাখনিৰ কাম বন্ধ হৈ থকা বুলি লোকসভাৰ উত্তৰটোত জনোৱা হৈছিল ।

উল্লেখযোগ্য যে, অসমৰ একমাত্ৰ উৎপাদনক্ষম খনিটোৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহলৈকে অসমে মুঠ ২০৬৯.৪২ লাখ টকা ৰাজহ হিচাপে লাভ কৰিছে । আনহাতে, এই খনিৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহলৈকে ৭১৪৫.৩৭ লাখ টকা Coal India Limited উপাৰ্জন কৰিছে ।

এই উল্লেখিত কয়লা ক্ষেত্ৰ কেইখনৰ বাহিৰেও আন বহু কেইখন কয়লা ক্ষেত্ৰ অসমত আৱিষ্কাৰ হৈছে যদিও বৰ্তমানলৈকে উৎপাদনৰ কোনো তথ্য নাই । ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই পুনৰ কয় যে অসমৰ বিভিন্ন ৰে’লৱে ষ্টেচন, ৰে’লৱে য়াৰ্ড বা ৰে’লৱে চাইডিঙৰ পৰা ৰে’লযোগে দেশৰ বিভিন্ন স্থানলৈ অহৰহ কয়লা সৰবৰাহ হৈ আছে ৷

লগতে তেওঁ কয়, ‘‘কেৱল মাত্ৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে তিনিচুকীয়া সংমণ্ডলৰ পৰা চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে সৰ্বমুঠ ৩৩ টা কয়লা পৰিবাহী ৰেগ দেশৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰা হৈছে ৷ যাৰ অধিকাংশৰে গন্তব্য স্থান কিন্তু বিহাৰ । নামৰূপ, লাকুৱা, ভজো, নুমলীগড় আদি ৰে’লৱে চাইডিঙৰ পৰা বহু কেইটা কয়লা পৰিবাহী ৰেগ ইতিমধ্যেই সৰবৰাহ কৰা হৈছে’’ ।

উক্ত সংবাদ মেলতে সম্পাদক বড়াই কয় যে যোৱা ২০২৩ বৰ্ষৰ ১১ জানুৱাৰীত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰা তথ্য জনাৰ অধিকাৰ আইন ২০০৫ যোগে লাভ কৰা তথ্য অনুযায়ী উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ যোগেদি ৰে’লৱে চাইডিঙ বা য়াৰ্ডসমূহে যিকোনো সামগ্ৰী সৰবৰাহৰ বাবে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা Consent to Establish আৰু Consent to Operate ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগে ।

কিন্তু অসমত তেনে প্ৰমাণ পত্ৰ লাভ কৰা চৈধ্যটা ৰে’লৱে চাইডিঙ বা য়াৰ্ডহে আছে । কিন্তু আশ্চৰ্যজনকভাৱে তেওঁলোকৰ পৰা কোনো প্ৰমাণ পত্ৰ নথকা নামৰূপ, নুমলীগড়, মিৰ্জা, দুধনৈ, ৰঙিয়া, গোৱালপাৰা আদিকে ধৰি বহু ৰে’লৱে চাইডিঙৰ পৰা বিগত দিনসমূহত কয়লাৰ সৰবৰাহ হৈ আহিছে । এয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ অৱমাননা বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক :Rahul Gandhi disqualified from MP: ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

...view details