অসম

assam

President Ram Nath Kovind in Assam: গুৱাহাটীত সপত্নীক উপস্থিত ৰাষ্ট্ৰপতি কোবিন্দ

By

Published : May 3, 2022, 5:07 PM IST

চাৰিদিনীয়া অসম আৰু মিজোৰাম ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind in Assam) ৷ বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত ভাগ ল’ব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

AMIT SHAH TO VISIT ASSAM
9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, 3 মে’:কেইবাটাও কাৰ্যসূচী হাতত লৈ মঙলবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ ৰাষ্ট্ৰপতিগৰাকীক আজি বৰঝাৰ বিমান বন্দৰত আদৰণি জনাই ৰাজ্যপান জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই (Chief Minister Himanta Biswa Sarma and Governor Jagdish Mukhi receive President) ৷

গুৱাহাটীত সপত্নীক উপস্থিত ৰাষ্ট্ৰপতি কোবিন্দ

উল্লেখ্য যে তামুলপুৰত কাইলৈ অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিবেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কোবিন্দ ৷ অৱশ্যে মঙলবাৰৰ নিশাটো গুৱাহাটীতেই কটাব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আজি নিশা পাৰ কৰিব ৰাষ্ট্ৰপতি কোবিন্দে ৷ বুধবাৰে পুৱাই সপত্নীক ৰাষ্ট্ৰপতি কোবিন্দ গুৱাহাটীৰ পৰা ৰাওনা হ’ব তামুলপুৰলৈ ৷ ইতিমধ্যে ৰাষ্ট্ৰপতিক আদৰিবলৈ তামুলপুৰত চলিছে ব্যাপক আয়োজন ৷

গুৱাহাটীত সপত্নীক উপস্থিত ৰাষ্ট্ৰপতি কোবিন্দ

কাইলৈ দিনৰ প্ৰায় ডেৰ বজাত ৰাষ্ট্ৰপতিগৰাকীয়ে তামুলপুৰৰ উক্ত অনুষ্ঠানত ভাগ লৈ গুৱাহাটীলৈ উভতি আহিব ৷ বিয়লি চাৰি বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব ড’নাৰ মন্ত্ৰণালয়ে আয়োজন কৰা উত্তৰ-পূৱ সমাৰোহ (North East Festival in Guwahati) ৷ এই সমাৰোহৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা ৷

উত্তৰ-পূৱ সমাৰোহ উদ্বোধন কৰাৰ পিছত বুধবাৰৰ নিশাটোও কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাতে কটাই বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰপতি কোবিন্দ মিজোৰামলৈ ৰাওনা হ’ব ৷ মিজোৰামত কেইবাটাও অনুষ্ঠানত ভাগ লৈ 6 মে’ত ৰাষ্ট্ৰপতিগৰাকী উভতিব দিল্লীলৈ ৷

লগতে পঢ়ক: 9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details