অসম

assam

Omicron case in Assam : সোণাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত হোৱা অ'মিক্ৰণ আক্ৰান্তৰ

By

Published : Jan 5, 2022, 6:48 PM IST

Omicron csse in Assam
সোনাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত অ'মিক্ৰণ আক্ৰান্ত

সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ । অ'মিক্ৰণ সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰে । বৰ্তমান সোণাপুৰ আৰক্ষীয়ে কিশোৰজনৰ সন্ধান অব্যাহত ৰাখিছে ।

গুৱাহাটী, ৫ জানুৱাৰী :অৱশেষত অসম পালেহি অ'মিক্ৰণ (Omicron case in Assam) । মেঘালয়ত অ'মিক্ৰণত সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱা অসমৰ লোকজনৰ সন্ধান পোৱা গৈছে । অ’মিক্ৰণত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত হৈছে ।

সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ । কৰ্মসূত্ৰে মুম্বাইত বাস কৰা মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল ৷ তাৰ পাচতেই ২১ ডিচেম্বৰত মেঘালয়ত ক'ভিড-১৯ পৰীক্ষা কৰা হৈছিল (Omicron Cases in Meghalaya)৷

এই পৰীক্ষাতেই মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰে অ'মিক্ৰণৰ উপস্থিতি ।

জানিব পৰা মতে, পৰিয়ালৰটোৱে সোণাপুৰৰ মৈৰাকুছিস্থিত ভাড়াঘৰত আশ্ৰয় লৈ আছিল । এই খবৰ পোৱাৰ পাচতেই বৰ্তমান ভাড়াঘৰটোত উপস্থিত হয় চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী । অ'মিক্ৰণ সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি সেই স্থানৰ পৰা পলায়ন কৰে ।

বৰ্তমান সোণাপুৰ আৰক্ষীয়ে কিশোৰজনৰ সন্ধান অব্যাহত ৰাখিছে । এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Omicron in Meghalaya : মেঘালয়ত পাঁচগৰাকী ব্যক্তিৰ দেহত অ’মিক্ৰণৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details