অসম

assam

OMNICRON variant of COVID : উদ্বিগ্ন অসম চৰকাৰ

By

Published : Nov 27, 2021, 8:27 PM IST

ক'ভিডৰ নতুন ভেৰিয়েন্ট OMNICRON ক লৈ পুনৰ উদ্বিগ্ন হৈছে সমগ্ৰ বিশ্ব ৷ ইয়াকে লৈ চিন্তিত হৈছে অসম চৰকাৰো ৷ জানো আহক এই প্ৰত্যাহ্বানৰ মুখা-মুখি হ’বলৈ কি ব্যৱস্থা ল’ব অসম চৰকাৰে (Assam governments vs OMNICRON variant of COVID) ৷

OMNICRON variant of COVID : Assam government will take precautions to fight
OMNICRON variant of COVID : উদ্বিগ্ন অসম চৰকাৰো

গুৱাহাটী, ২৭ নৱেম্বৰ : OMNICRON নামৰ ক'ভিডৰ নতুন ভেৰিয়েন্টটো ( OMNICRON variant of COVID ) পূৰ্বৰ DELTA ভেৰিয়েন্টতকৈ প্ৰায় তিনিশ গুণ অধিক শক্তিশালী আৰু খৰকৈ সংক্ৰমিত হয় । দক্ষিণ আফ্ৰিকা আৰু হংকং হৈছে এই নতুন ভাইৰাছ বিধৰ উৎপত্তিথলী । এই পৰ্যন্ত ভাৰতত এইবিধ ভাইৰাছ ধৰা পৰা নাই । কিন্তু অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

শনিবাৰে বিয়লি গুৱাহাটীত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা(CM Himanta Bishwa Sarma press meet)ই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক লগত লৈ সম্বোধন কৰা সংবাদমেলখনত কয় যে, এই OMNICRON প্ৰজাতিৰ নতুন ভাইৰাছ বিধৰ বৈজ্ঞানিক নাম দিয়া হৈছে B.1.1529 । আনহাতে, ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে অসমত ক'ভিড টীকাকৰণ নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক বিশাল অভিযান চলিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

OMNICRON variant of COVID : উদ্বিগ্ন অসম চৰকাৰো

তেওঁ কয় যে, এই এটা সপ্তাহত চৰকাৰে আন কোনো কাম নকৰে । কিয়নো ২৯ নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় এক লাখ কৰ্মচাৰীয়ে অসমৰ ২৮,২০৫ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হব ৷

প্ৰতিটো কেন্দ্ৰৰ ভোটাৰ তালিকাৰ সৈতে মানুহৰ নাম মিলাই ঘৰে ঘৰে গৈ টীকাকৰণ হ'ল নে নাই সেয়া নিশ্চিত কৰিব । সাংসদ, মন্ত্ৰী, বিধায়ক সকলো এই অভিযানৰ অংশীদাৰ হ’ব । এই পৰ্যন্ত ৰাজ্যত ২ কোটি ১০ লাখ প্ৰথম পালি ভেকচিন প্ৰদান কৰাৰ লগতে ১ কোটি ১৫ লাখ ৫৯ হাজাৰ ৪৪৩ দ্বিতীয় পালি ভেকচিন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । অহা এটা সপ্তাহৰ ভিতৰত প্ৰথম পালি ভেকচিন লোৱা লোকৰ সংখ্যা অসমত সম্পূৰ্ণ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে(Assam to complete first dose vaccination of covid soon) ।

লগতে পঢ়ক :Latest Covid Situation in Assam : ক'ভিড পৰিস্থিতিক লৈ সংবাদমেলত সৰৱ সাংসদ আব্দুল খালেক

ABOUT THE AUTHOR

...view details