অসম

assam

ধনৰ ধাৰে নিঃশেষ কৰিলে এটা পৰিয়াল !

By

Published : Sep 26, 2021, 10:33 PM IST

new-twist-in-sensational-murder-case-of-satgoan

সাতগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই নতুন মোৰ লাভ কৰিছে । পূৰ্বৰ তুলনাত কিছু সুস্থ হোৱা মৃত ভৱেশ শৰ্মাৰ পত্নী হিমাদ্রী শৰ্মাই GMCH ত চিকিৎসাধীন অৱস্থাত কাগজত লিখি প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য ।এই তথ্যৰ ভিত্তিত ভবেশ শৰ্মাৰ মোবাইল ফোন ট্ৰেছ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

গুৱাহাটী, ২৬ছেপ্টেম্বৰ : আৰ্থিক দুর্দশাৰ পৰিণতিত শিশু পুত্ৰক হত্যা, পত্নীক হত্যাৰ চেষ্টা কৰি নিজে আত্মহনৰ পথ বাছি লোৱা মহানগৰীৰ সাতগাঁৱৰ হৃদয় বিদাৰক ঘটনাই নতুন মোৰ লাভ কৰিছে । "আনৰ হেঁচাত আমি জীয়াই থাকিব নোৱাৰো " ঘাতক স্বামীৰ ছুৰী আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ GMCH ত চিকিৎসাধীন হৈ থকা পত্নী হিমাদ্রী শৰ্মাই কিছু সুস্থ হৈ উঠাৰ পিছত দেওবাৰে আত্মীয়ৰ ওচৰত এখন কাগজত লিখি এইদৰে প্ৰকাশ কৰাৰ কথা অৱগত কৰিছে তেওঁৰ আত্মীয়ই ।

চাঞ্চল্যকৰ সাতগাঁও হত্যাকাণ্ডৰ নতুন টুইষ্ট !

ইফালে, মৃত ভবেশ শৰ্মাৰ পত্নী হিমাদ্ৰী শৰ্মাৰ এই তথ্যৰ ভিত্তিত ভৱেশ শৰ্মাৰ মোবাইল ফোন ট্ৰেছ কৰি সম্প্ৰতি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে সাতগাঁও আৰক্ষীয়ে । ইপিনে ভৱেশ শৰ্মাই কাম কৰা সাতগাঁৱৰ নুৰ হোমিও হ'লৰ স্বত্বাধিকাৰী ডাঃ নুৰ আলীয়ে দেওবাৰে এই সন্দৰ্ভত প্ৰকাশ কৰিছে আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। উক্ত তথ্য অনুসৰি মৃত ভৱেশ শৰ্মাই নিজৰ কাম বাদ দিয়াৰ পিছত এটা চ'ছাইটি খুলি অধিক ধন দিয়াৰ প্ৰলোভনেৰে বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰিছিল ।

কিন্তু লকডাউনৰ সময়ত চ’চাইটি বন্ধ হয় যদিও ভালে সংখ্যক সদস্যক সময়মতে ধন ঘূৰাই দিব পৰা নাছিল শৰ্মাই । ফলত ধন পাব লগা বিভিন্নজনে নিজৰ প্ৰাপ্য ধন বিচাৰি হেঁচা দিছিল শৰ্মাক । যাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল তেওঁ, এনেবোৰ ঘটনাই হয়তো আমানিশা নমাই আনিছিল ভৱেশ শৰ্মাৰ পৰিয়াললৈ ।

ইপিনে মৃত ভৱেশ শৰ্মা নুৰ হোমিও হলৰ কৰ্মচাৰীহে আছিল ৷ তদুপৰি ২০১৮ চনতে শৰ্মাই অব্যাহতি লৈছিল কামৰ পৰা । ইয়াৰ পিছতে এই চ’ছাইটি খুলি পুনৰ অন্য এক বিপদৰ সন্মুখীন হ’ব লগা হয় । এফালে তিনিজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণৰ তাড়না আনফালে চ’ছাইটিৰ ধন ঘূৰাই দিয়া সমস্যাই অহৰ্নিশে খেদি ফুৰিছিল শৰ্মাৰ পৰিয়ালটোক ।

আনকি বহু কেইগৰাকী লোকক ধন ঘূৰাই দিয়া কথা আছিল বুলি জানিব পৰা গৈছে । হয়তো এই সকল লোকৰ মুখা-মুখি হোৱাৰ সাহস গোটাব নোৱাৰি পৰিয়ালটোকে নিঃশেষ কৰাৰ কথা ভাবিছিল তেওঁ । কিন্তু দৈবক্ৰমে শৰ্মাৰ পত্নী মৃত্যুৰ পৰা ৰক্ষা পৰে । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ ।

লগতে পঢ়ক :ভৰলুক প্ৰদূষণ মুক্ত কৰাৰ আহ্বান জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাৰ

ABOUT THE AUTHOR

...view details