অসম

assam

De-addiction Centre: নিচামুক্তি কেন্দ্ৰ নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই বলৱৎ হ’ব নতুন এছ অ' পি

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:54 PM IST

ৰাজ্যৰ বহু নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে তৎপৰ চৰকাৰ । নিচামুক্তি কেন্দ্রসমূহক নাকী লগাবৰ বাবে চৰকাৰে নিচামুক্তি কেন্দ্ৰসমূহৰ বাবে প্ৰস্তুত কৰিছৰ এছ অ’ পি । গৃহ বিভাগৰ অনুমতিৰ লগে লগে জাৰি কৰা হ'ব এছ অ’ পি ।

De addiction Centre in Assam
সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰযোজ্য হ'ব নতুন এছ অ' পি । শীঘ্ৰেই ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহ নতুন এছ অ'পিৰ দ্বাৰা পৰিচালিত হ'ব লাগিব ।

উল্লেখ্য যে, ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত শেহতীয়াকৈ সংঘটিত কেইবাটাও দুৰ্ভাগ্যজনক ঘটনাৰ পাছত নিচামুক্তি কেন্দ্রসমূহক নাকী লগাবৰ বাবে চৰকাৰে নিচামুক্তি কেন্দ্ৰসমূহৰ বাবে এছ অ'পি প্ৰস্তুত কৰিছে । ইতিমধ্যে নিচামুক্তি কেন্দ্ৰৰ বাবে এছ অ' পি প্ৰস্তুত কৰা হৈছে আৰু এইখন ৰাজ্যৰ গৃহ বিভাগৰ অনুমতিৰ বাবে অপেক্ষাৰত অৱস্থাত আছে ।

গৃহ বিভাগৰ অনুমতি লাভ কৰাৰ লগে লগে এছ অ'পি জাৰি কৰা হ'ব । আনহাতে, এছ অ'পি জাৰি কৰাৰ লগে লগে কোনো নিচাগ্রস্ত লোকক নিচামুক্তি কেন্দ্ৰত নিচাৰ পৰা মুক্ত কৰাৰ পূৰ্বে অন্য সকলো ৰোগৰ পৰা চিকিৎসকৰ জৰিয়তে ৰোগমুক্ত কৰি ল'ব লাগিব । নিচামুক্তি কেন্দ্ৰৰ লোকে অন্য ৰোগৰ চিকিৎসা কৰাৰ অনুমতি লাভ নকৰিব ।

উল্লেখ্য যে গুৱাহাটীৰ জু-ৰোডত থকা এটা নিচামুক্তি কেন্দ্ৰত শেহতীয়াকৈ পুনৰ এক বিতর্কিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বিষয়টো সন্দৰ্ভত থানাত গোচৰ পৰ্যন্ত ৰুজু কৰা হৈছে । নতুন এছ অ' পি সন্দৰ্ভত নিচামুক্তি আৰু মাদক দ্রব্য নিবাৰণ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঁয়ে জনোৱা অনুসৰি কেৱল গুৱাহাটীতে ৮০-৯০টা পঞ্জীয়নভুক্ত নিচামুক্তি কেন্দ্র আছে । নিচামুক্তি কেন্দ্ৰ পৰিচালনা কৰিবৰ বাবে বহু চৰকাৰী নীতি-নিয়ম আছে ।

কিন্তু একাংশ পাবত গজা কেন্দ্ৰৰ পৰিচালকে চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি বিভিন্ন বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সকলো নিচামুক্তি কেন্দ্ৰৰ পৰিচালকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ নিচামুক্তি কেন্দ্ৰৰ পৰিৱেশ উন্নত কৰাৰ লগতে ভর্তি হোৱা লোকৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছিল। লগতে মন্ত্রীগৰাকীয়ে নিচামুক্তি কেন্দ্ৰসমূহৰ বাবে এছ অ' পি প্ৰস্তুত কৰাৰ কথাও ঘোষণা কৰিছিল ।

এই এছ অ' পিখন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে বুলি সদৰী কৰি জিতু বৰগোহাঁয়ে কয় যে সম্প্ৰতি এই এছ অ' পিখন গৃহ বিভাগৰ অনুমতিৰ অপেক্ষাত আছে । গৃহ বিভাগৰ উপৰি জি এম চিৰ অনুমতিৰো প্ৰয়োজন হ'ব বুলি তেওঁ সদৰী কৰে । তেওঁ কয় যে সম্প্ৰতি বহু লোকেই নিজাববীয়াকৈ নিচামুক্তি কেন্দ্ৰ খুলি কোনো ধৰণৰ নিয়ম মানি নচলা পৰিলক্ষিত হৈছে । আনকি নিজে নিচামুক্তি কেন্দ্ৰত চিকিৎসা কৰি ওলাই গৈ এবছৰ হোৱাৰ পূৰ্বেই নিজাকৈ নিচামুক্তি কেন্দ্ৰ খোলাৰ দৰে ঘটনা সংঘটিত হৈছে ।

নিচামুক্তি কেন্দ্ৰ খোলাৰ নির্দিষ্ট নীতি-নির্দেশনা নথকা বা এছ অ' পি নথকাৰ বাবে য'তে-ত'তে এনে কেন্দ্ৰ খোলাৰ লগতে ৰোগীক নির্যাতন কৰাৰ ঘটনা সংঘটিত হ'বলৈ পোৱা বুলি তেওঁ সদৰী কৰে । সেয়ে এনে ধৰণৰ নিচামুক্তি কেন্দ্ৰক নাকী লগাবৰ বাবে চৰকাৰে এছ অ' পি প্ৰস্তুত কৰিছে । আনহাতে, নিচামুক্তি কেন্দ্ৰত ৰোগীক কেৱল নিচাৰ পৰা মুক্তহে কৰিব লাগিব । অন্য ৰোগৰ চিকিৎসা কৰিব নোৱাৰিব । অন্য ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়ৰ সহায় ল'ব লাগিব । এছ অ' পি উলংঘা কৰা কেন্দ্ৰসমূহ বন্ধ কৰি দিয়া হ'ব বুলিও তেওঁ সদৰী কৰে ।

লক্ষণীয় বিষয় যে গুৱাহাটীকে ধৰি ৰ‍াজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা নিচামুক্তি কেন্দ্ৰসমূহৰ অৰাজক পৰিস্থিতিৰ কথা সময়ে সময়ে চৰ্চালৈ আহে । আনকি বিভাগীয় মন্ত্রী পীযুষ হাজৰীকাই কেইবাৰো চলোৱা আকস্মিক অভিযানতো নিচামুক্তি কেন্দ্ৰসমূহৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত মন্ত্রীগৰাকীয়ে কেইবাটাও কেন্দ্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:Abhiruchi Sports day: ধনশিৰি কচিং চেণ্টাৰৰ সৌজ্যনত সৰুপথাৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

ABOUT THE AUTHOR

...view details