অসম

assam

MV Ganga Vilas Cruise: ৰাজধানী চহৰ গুৱাহাটীত উপস্থিত এম ভি গংগা বিলাস

By

Published : Feb 20, 2023, 9:34 PM IST

Updated : Feb 20, 2023, 11:05 PM IST

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা কৰি বাংলাদেশৰ মাজেৰে আহি আজি গুৱাহাটী উপস্থিত হ’ল নদী ক্ৰুজ এম ভি গংগা বিলাস (MV Ganga Cruise in Guwahati)। সোমবাৰে গুৱাহাটীত উপস্থিত হয় ক্ৰুজখন ৷ পাণ্ডু ঘাটত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় পৰ্যটকক ৷

MV Ganga Vilas Cruise arrives in Guwahati
গুৱাহাটীত উপস্থিত এম ভি গংগা বিলাস

গুৱাহাটীত উপস্থিত এম ভি গংগা বিলাস

গুৱাহাটী, 20 ফেব্ৰুৱাৰী: বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ "এম ভি গংগা বিলাস" সোমবাৰে আহি উপস্থিত হ’ল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত (MV Ganga Vilas Cruise arrives in Guwahati) । সোমবাৰে বিয়লি ৪ বজাত ক্ৰুজখন গুৱাহাটীৰ পাণ্ডু ঘাটত উপস্থিত হয় । পৰ্যটকসকলক পাণ্ডু ঘাটত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় ।

পৰ্যটকসকলক পাণ্ডু ঘাটত আদৰণি জনায় তেওঁলোকৰ আগত বিভিন্ন লোক নৃত্য প্ৰদৰ্শন কৰাৰ লগতে সন্ধিয়া চাহৰে আপ্যায়ন কৰা হয় । ইয়াৰ পিচত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পৰ্যটকসকলে নিশা গুৱাহাটীৰ ব্ৰক্ষ্মপুত্ৰৰ বুকুত ক্ৰুজতে নৈশ যাপন কৰে । উল্লেখ্য যে, বাৰাণসীৰ পৰা আহি বাংলাদেশৰ মাজেৰে পাৰ হৈ এম ভি গংগা বিলাস ধুবুৰীৰে অসমত প্ৰৱেশ কৰে (MV Ganga Cruise in Guwahati) ৷

যোৱা শনিবাৰে নিশা গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত উপস্থিত হৈছিল এম ভি গংগা বিলাস । তাত পৰ্যটকসকলে বিভিন্ন পৰ্যটনস্থলী দৰ্শন কৰে । ইফালে কাইলৈ পৰ্যটকসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে আৰু দীঘলী পুখুৰীত থকা ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰিব । এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, গুৱাহাটীত সোমবাৰে নিশা থাকি কাইলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব । পৰ্যটকসকলে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো‌ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-এম ভি গংগা বিলাস ক্ৰুজৰ যাত্ৰা যোৱা ১৩ জানুৱাৰীত উদ্বোধন কৰিছিল । যোৱা ১৩ জানুৱাৰীত এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । ভাৰত আৰু বাংলাদেশৰ 27 খন নদী প্ৰণালী পাৰ হৈ অসমৰ ডিব্ৰুগড় পাবলৈ 51 দিনত প্ৰায় 3,200 কিলোমিটাৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছিল (MV Ganga Cruise in Assam) ।

এমভি গংগা বিলাসৰ তিনিটা ডেক আছে, 36 জন পৰ্যটকৰ ক্ষমতাৰ সৈতে 18 টা চুইচ আছে, সকলো বিলাসী সুবিধা আছে এমভি গংগা বিলাসত । প্ৰথম যাত্ৰাটোত চুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পৰা ২৮ জন পৰ্যটক যাত্ৰা কৰিছে । অধিকাংশ যাত্ৰীৰ বয়স ৫০ বছৰ উৰ্ধৰ । ৫১ দিনীয়া এই ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ চাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটীকে ধৰি ৫০ খন পৰ্যটনস্থলী ভ্ৰমণ ।

যোৱা ১৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা ক্ৰুজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ’ব বুলি আশা কৰা হৈছে । যাত্ৰা পথত তেওঁলোকে পবিতৰা অভয়াৰণ্য, মায়ং আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আদি চাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:MV Ganga Vilas Cruise : গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস

Last Updated : Feb 20, 2023, 11:05 PM IST

ABOUT THE AUTHOR

...view details