ETV Bharat / state

MV Ganga Vilas Cruise : গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস

author img

By

Published : Feb 19, 2023, 1:31 PM IST

বাৰাণসীৰ পৰা যাত্ৰা কৰি বাংলাদেশৰ মাজেৰে আহি অৱশেষত অসমত প্ৰৱেশ কৰে নদী ক্ৰুজ এম ভি গংগা বিলাস (MV Ganga Cruise at Goalpara)। শনিবাৰে ক্ৰুজখন গোৱালপাৰাত আহি উপস্থিত হয় । ক্ৰুজখনত থকা পৰ্যটকসকলে দেওবাৰে ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰ দৰ্শন কৰে ।

MV Ganga Vilas Cruise
গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস

গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস

গোৱালপাৰা,১৯ ফেব্ৰুৱাৰী : বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ "এম ভি গংগা বিলাস" আহি উপস্থিত হ'ল গোৱালপাৰাত (MV Ganga Cruise at Goalpara)। ২৮ গৰাকী বিদেশী পৰ্যটকৰ সৈতে ৰিভাৰ ক্ৰুজখন গোৱালপাৰাত উপস্থিত হোৱাৰ লগে লগে জিলা প্ৰশাসনে বিশেষ তৎপৰতা দেখুৱায় । কটকটীয়া নিৰাপত্তাৰ মাজেৰে ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পৰ্যটকসকলে ঐতিহাসিক সূৰ্য পাহাৰ দৰ্শন কৰে (Foreign tourists visits Sri Surya Pahar)।

উল্লেখ্য যে, বাৰাণসীৰ পৰা আহি বাংলাদেশৰ মাজেৰে পাৰ হৈ এম ভি গংগা বিলাস ধুবুৰীৰে অসমত প্ৰৱেশ কৰে (MV Ganga Cruise in Assam)। ইয়াৰ পাচতে শনিবাৰে নিশা গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত উপস্থিত হয় পৰ্যটকসহ ক্ৰুজখন । নিশাই গোৱালপাৰা জিলা প্ৰশাসনে পৰ্যটকসকলক আদৰণি জনাই আৰু পুৱাৰ ভাগত গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী সূৰ্য পাহাৰ ভ্ৰমণৰ বাবে পৰ্যটকৰ দলটোক লৈ যায় ।

সূৰ্য পাহাৰ দৰ্শনৰ সময়ত বিদেশী পৰ্যটকসকলক জিলা প্ৰশাসন আৰু সূৰ্য পাহাৰ পৰিচালনা সমিতিয়ে একোখনকৈ ৰাভা পাজাৰে সম্বৰ্ধনা জনায় (Administration felicitates foreign tourists)। সম্বৰ্ধনাৰ পাচতে পৰ্যটকসকলে শ্ৰী সূৰ্য পাহাৰৰ বৌদ্ধ, হিন্দু আৰু জৈন ধৰ্মৰ মন্দিৰ দৰ্শন কৰে । লগতে সূৰ্য পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে পৰ্যটকসকল । আনকি সূৰ্য পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য ছুইজাৰলেণ্ডতকৈ কোনো গুণেই কম নহয় বুলিও স্বীকাৰ কৰিলে পৰ্যটকসকলে ।

ইফালে পৰৱৰ্তী সময়ত পৰ্যটকসকলক দেখুওৱা হয় গোৱালপাৰাৰ আন এক ঐতিহাসিক পাটি শিল্প । পাটি শিল্প দেখি পৰ্যটকসকল আপ্লুত হৈ পৰে । বাঁহ-বেতেৰে নিৰ্মিত বেগ, ছেণ্ডেল, টুপী আদি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিলে বিদেশী পৰ্যটকসকলে । গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰা ৰাভা নৃত্যও উপভোগ কৰে পৰ্যটকসকলে । দুই এগৰাকী পৰ্যটকে আকৌ শিল্পীসকলৰ সৈতে নাচিলেও ।

ইয়াৰ পাচত গোৱালপাৰা জিলা প্ৰশাসনে প্ৰতিগৰাকী পর্যটকক গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ পাটি উপহাৰ হিচাপে দিয়ে । গোৱালপাৰা লগতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষিত কৰে পৰ্যটকসকলক । পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ অসমলৈ অহাৰ কথাও স্বীকাৰ কৰিলে (MV Ganga Cruise tourists praise Assam)।

উল্লেখ্য যে, যোৱা ১৭ ফেব্ৰুৱাৰীত বাংলাদেশহৈ অহা এম ভি গংগা বিলাস ক্ৰুজখন অসমৰ ধুবুৰীত উপস্থিত হৈছিল (Longest river cruise Ganga Vilas)। তাৰ পাচতে ক্ৰুজখন গুৱাহাটী অভিমুখে ৰাওনা হৈছে । যোৱা ১৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা ক্ৰুজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Ganga Vilas Cruise : ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ফ্লেগ অফ কৰিব গংগা বিলাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.