অসম

assam

Moina Nayak treatment: প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত চলিব মইনা নায়কৰ চিকিৎসা

By

Published : Jul 22, 2022, 7:12 PM IST

Moina Nayak to be treated under plastic surgery
প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত চলিব মইনা নায়কৰ চিকিৎসা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ তত্বাৱধানত ক্ৰমাৎ সুস্থ হৈছে মইনা নায়ক (Moina Nayak health update) । এতিয়াৰে পৰা প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত মইনা নায়কৰ চিকিৎসা চলিব বুলি জানিবলৈ দিয়ে GMCH ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই (Moina Nayak treatment will be conducted under plastic surgery department) ৷

গুৱাহাটী, ২২ জুলাই:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ তত্বাৱধানত ক্ৰমাৎ সুস্থ হৈছে মইনা নায়ক (Moina Nayak recovering under supervision of GMCH doctors) । ডিব্ৰুগড় লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছে মইনা নায়কে (Tea garden worker Moina Nayak battling for life) ।

বৰ্তমান জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কৰ (Moina Nayak under treatment at GMCH) স্বাস্থ্য সন্দৰ্ভত অধীক্ষক অভিজিৎ শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে । মইনা নায়ক এতিয়া সংকটমুক্ত বুলি জনোৱাৰ লগতে অধ্যক্ষগৰাকীয়ে এতিয়াৰে পৰা প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত মইনা নায়কৰ চিকিৎসা চলিব বুলি জনায় অধীক্ষক অভিজিৎ শৰ্মাই (Moina Nayak treatment will be conducted under plastic surgery department)।

প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত চলিব মইনা নায়কৰ চিকিৎসা

ইয়াৰ লগতে বৃহস্পতিবাৰে মইনা নায়কক ১ ইউনিট ব্লাড দিয়া হৈছিল বুলিও জানিবলৈ দিয়ে অভিজিৎ শৰ্মাই ৷ মইনা নায়কক বৃহস্পতিবাৰে জুলীয়া খাদ্য দিয়া হৈছিল জানিব দি মেচিনৰ আঘাতপ্ৰাপ্ত হোৱা হেতু অৱশ্যে এতিয়াও সংক্ৰমণৰ আশংকা আছে বুলিও উল্লেখ কৰে অধীক্ষকগৰাকীয়ে ৷

আনহাতে বৃহস্পতিবাৰৰ পৰা নৰ্মেল খাদ্য দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখ যে, ইতিমধ্যে মইনা নায়কৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছে চৰকাৰে । লগতে আন সকলো ধৰণৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে, বৃহস্পতিবাৰে মইনা নায়কৰ স্বাস্থ্যৰ বুজ ল’বলৈ জি এম চি এইছত উপস্থিত হয় বিধায়ক ৰূপেশ গুৱালা । তেওঁ মইনা নায়কৰ পৰিয়ালৰ সদস্যৰ সৈতেও বাৰ্তালাপ কৰে । তেওঁ কয়, "মানসিকভাৱে যথেষ্ট সবল মইনা নায়ক । মইনা নায়কে চিকেন চুপ খাব বিচাৰিছিল আৰু সেই মতে আনি দিয়া হৈছে । ভালদৰেই কথা-বতৰা পাতিছে । চিকিৎসকে জনোৱা মতে মইনা নায়ক বৰ্ত্তমান সংকটমুক্ত ।"

তেওঁ লগতে কয় যে তেওঁ মইনা নায়কৰ লগত ধেমালিও কৰিছে । বিধায়ক গুৱালাই লগতে কয় "তেওঁলোকৰ ঘৰৰ কোনো এজন স্থায়ী কৰ্মচাৰী নাই । এয়া অতি দুৰ্ভাগ্যজনক। কৰ্তৃপক্ষই গাফিলতি কৰি আহিছে । তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । দায়িত্বত থকা ইন্সপেক্টৰ জনৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে"।

চৰকাৰৰ ফালৰ পৰা মইনা নায়কৰ সমস্ত দায়িত্ব লোৱা হৈছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:National Herald case: তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details