অসম

assam

Assam assembly updates: চৰ চাপৰিৰ উন্নয়নৰ বাবে বিধায়কক মনোযোগ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Mar 21, 2023, 4:12 PM IST

চলিত মাহৰ 10 তাৰিখৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ অধিৱেশন (Assam assembly budget session) ৷ মঙলবাৰে অসম বিধান সভাৰ বাজেট অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় চৰ-চাপৰিৰ উন্নয়নৰ বাবে পুৰণিকলীয়া ৰীতি-নীতি পৰিত্যাগ কৰি বিজ্ঞানসন্মত চিন্তাধাৰাৰে সকলো আগবাঢ়িব লাগিব । বিশেষকৈ বিধায়কসকলে চৰৰ ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ উলিয়ায় আনিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

MLAs must pay attention to development of Char Chaparis
চৰ চাপৰিৰ উন্নয়নৰ বাবে একচন প্লেনৰ পোষকতা মুখ্যমন্ত্ৰীৰ

চৰ চাপৰিৰ উন্নয়নৰ বাবে একচন প্লেনৰ পোষকতা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 21 মাৰ্চ : অসম বিধানসভাত মঙলবাৰে ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চৰ-চাপৰিৰ উন্নয়নৰ বাবে একচন প্লেনৰ পোষকতা কৰে । বিধানসভাত চৰ চাপৰিৰ উন্নয়নৰ সন্দৰ্ভত বিৰোধী বিধায়কসকলে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, চৰ-চাপৰিৰ উন্নয়নৰ বাবে স্থানীয় বিধায়কসকলে মনোযোগ দিব লাগিব । এই ক্ষেত্ৰত চৰকাৰে নিশ্চত সহায় আগবঢ়াব (MLAs must pay attention to development of char chaparis said Assam CM)।

তেওঁ কয় যে, চৰ চাপৰিৰ উন্নয়নৰ বাবে নতুন ধৰণে চিন্তা কৰিব লাগিব । চৰ-চাপৰিত চলি থকা পুৰণিকলীয়া ৰীতি-নীতি পৰিত্যাগ কৰিব লাগিব । বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়িব লাগিব । চৰৰ ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ উলিয়াই আনিব লাগিব । চৰৰ ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ বিভিন্ন ঠাই দেখুওৱালৈ শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰি (Provision of educational tours)।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, চৰত বিদ্যুতৰ ব্যৱস্থা কৰিব পৰা, যাতায়ত ব্যৱস্থা সুচল কৰিব পৰা কথাবোৰ চিন্তা কৰিব লাগে । চৰকাৰে তাৰ বাবে পুঁজি যোগান ধৰিব । তেওঁ কয় যে, এই ক্ষেত্ৰত চৰক প্ৰতিনিধিত্ব কৰা বিধায়কসকলে চৰৰ উন্নয়নৰ বাবে এখন একচন প্লেন প্ৰস্তুত কৰি চৰকাৰক দিয়ক । চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল’ব ।

ইয়াৰে উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে চৰৰ উন্নয়নৰ বাবে সংখ্যালঘু উন্নয়ন বিভাগৰ‌ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক চৰক প্ৰতিনিধিত্ব কৰা বিধায়কসকলৰ লগত আলোচনাত মিলিত হোৱাৰ‌ বাবে নিৰ্দেশ দিয়ে । ভাষণত তেওঁ কয় যে, চৰত এজন‌ মাতব্বৰ হাতত এহেজাৰ বিঘা মাটি আছে । এইবোৰ‌ বিধায়কসকলে নজৰ দিব লাগে বুলি‌ মুখ্যমন্ত্ৰীয়ে মন্তব্য ‌কৰে ।

উল্লেখ্য যে, অহা ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্ৰতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ’ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক :Assam Budget 2023 : অখিল গগৈৰ মতে এইবাৰৰ বাজেট মুখ্যমন্ত্ৰীময়

ABOUT THE AUTHOR

...view details