ETV Bharat / state

Assam Budget 2023 : অখিল গগৈৰ মতে এইবাৰৰ বাজেট মুখ্যমন্ত্ৰীময়

author img

By

Published : Mar 21, 2023, 8:49 AM IST

Assam Budget 2023
অখিল গগৈৰ মতে এইবাৰৰ বাজেট মুখ্যমন্ত্ৰীময়

১৬ মাৰ্চত ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৩-২৪ বৰ্ষৰ বাজেট (Assam Budget 2023)। বাজেটক লৈ সোমবাৰে বিতৰ্ক অনুষ্ঠিত হয় । অখিল গগৈয়ে এই বাজেটক তীব্ৰ সমালোচনা কৰে । বাজেটখন মুখ্যমন্ত্ৰীৰ বন্দনাৰে হে ভৰিছে ।

অখিল গগৈৰ মতে এইবাৰৰ বাজেট মুখ্যমন্ত্ৰীময়

গুৱাহাটী, ২১ মাৰ্চ : বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত দাখিল কৰা বাজেটখনক মুখ্যমন্ত্ৰীময় বাজেট বুলি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে অভিহিত কৰে (Akhil Gogoi on Assam budget 2023)। সোমবাৰে বিয়লি বিধানসভাত বাজেট বিতৰ্ক অনুষ্ঠিত হৈছিল (Assam Assembly Budget debate)। বিধায়ক অখিল গগৈয়ে কয় যে বাজেটখনত মুখ্যমন্ত্ৰীৰ নামত থকা ১২ খন আঁচনিৰ কথা উল্লেখ কৰা হৈছে । বিত্ত মন্ত্ৰীয়ে বাজেট ভাষণত ৩৬বাৰ‌ মুখ্যমন্ত্ৰীৰ নাম লৈছে ।

বাজেটখন মুখ্যমন্ত্ৰীৰ বন্দনাৰে ভৰি আছে । অখিল গগৈয়ে কয় যে অসমৰ বিজেপি দলটো এতিয়া‌ হিমন্ত বিশ্ব শৰ্মা বাহিনীলৈ পৰিণত হৈছে । ইফালে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বাজেটখনে কোনো আশাৰ ৰেঙনি দেখুওৱা নাই বুলি কয় (MLA Manoranjan Talukdar on budget)। বাজেটত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ১০ শতাংশ ধন হ্ৰাস কৰা হৈছে । কৃষিত বাজেট হ্ৰাস কৰা হৈছে । নাৰী আৰু শিশু কল্যাণ আঁচনিবোৰত ধন হ্ৰাস কৰা হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে ।

বাজেট বিতৰ্কত কংগ্ৰেছৰ বিধায়ক জাকিৰ‌ হুছেইন চিকদাৰ, এআইইউডিএফৰ বিধায়ক আমিনুল‌ ইছলাম আদিয়ে অংশগ্ৰহণ কৰি‌ বাজেটখন সমালোচনা কৰে । ইফালে বাজেট বিতৰ্কত বিজেপিৰ বিধায়ক ভৱেশ‌ কলিতা, বিধায়ক ৰূপজ্যোতি কুৰ্মী,‌ বিধায়ক মিহিৰ কান্তি সৌম, বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদিয়ে অংশগ্ৰহণ কৰি বাজেটখন প্ৰশংসা কৰে ।

উল্লেখ্য যে বিত্ত মন্ত্রী অজন্তা নেওগে যোৱা বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা বাজেট সম্পৰ্কত যোৱা শুকুৰবাৰে বিধানসভাত বাজেটৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হোৱাৰ পাছত সোমবাৰে পুনৰ বাজেট বিতৰ্ক অনুষ্ঠিত হয় । উল্লেখ্য যে বিত্ত মন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বাজেট প্রাক্কলন দাখিল কৰিছিল । সেইদিনা প্রশ্নোত্তৰ কালৰ পাছতে দিনৰ ১১ বজাত বিত্ত মন্ত্রীয়ে বাজেট ভাষণ দিয়ে (Budget speech of Minister Ajanta Neog)। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন তৃতীয় বাজেট ।

২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্রতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Reform of SEBA: আছুৰ বৈঠকত ছেবাক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰখাৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.