অসম

assam

Jayanta Malla Baruah : ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটিৰ অফাৰ

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 7:35 PM IST

ভূপেন বৰাৰ উপৰিও ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগবঢ়াইছে বাম্পাৰ অফাৰ ৷ তিনিওকে ক্ৰমে 25, 30 আৰু 40 কোটি টকাৰ ঠিকা দিব মন্ত্ৰী বৰুৱাই ৷ কিন্তু ইয়াতো আছে এক চৰ্ত, বিজেপিত যোগদান কৰিব লাগিব ৷

Jayanta Malla Baruah
ভূপেন বৰা সহিতে তিনি কংগ্ৰেছীলৈ জয়ন্ত মল্ল বৰুৱাৰ অফাৰ

ভূপেন বৰা সহিতে তিনি কংগ্ৰেছীলৈ জয়ন্ত মল্ল বৰুৱাৰ অফাৰ

গুৱাহাটী, ১১ নৱেম্বৰ :বেকগ্ৰাউণ্ডত ভাঁহি আছে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে...’ যুগজয়ী গীতটি । তেনে এক পৰিৱেশত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ সহায়ৰ হাত আগবঢ়াই বাম্পাৰ অফাৰ প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কংগ্ৰেছ সভাপতিগৰাকীলৈ ২৫ কোটি টকাৰ ঠিকাৰ অফাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।

২৫ কোটিৰ ঠিকা লৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ ভূপেন বৰাক আহ্বান জনালে মন্ত্ৰী বৰুৱাই । শনিবাৰে নগাঁৱৰ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বিজেপিত যোগদান কৰা কাৰ্যত দলটোৰ সভাপতিগৰাকীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে ১২ কোটি টকাৰ ঠিকা প্ৰদান কৰা বাবেই সদ্য পদত্যাগী কংগ্ৰেছ জিলা সভাপতিগৰাকীয়ে বিজেপিত যোগদান কৰিলে বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

ভূপেন বৰাৰ উক্ত মন্তব্যৰ প্ৰত্যুত্তৰত কটাক্ষ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, “ ঠিকা দিলেই যদি বিজেপিত যোগদান কৰে, মই মন্ত্ৰী হিচাবে জলজীৱন মিছনৰ ঠিকা দিব পৰা হৈ আছোঁ । যদি ভূপেন বৰাৰ কথা মতেই হয়, তেখেতক ৰাজ্যিক সভাপতি হিচাবে ২৫ কোটি টকাৰ ঠিকা প্ৰদান কৰিলেই বিজেপিত যোগদান কৰিব পাৰিব ।’’

আনহাতে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক বিজেপিত যোগদান কৰিবলৈ ৩০ কোটি টকাৰ ঠিকা আৰু গৌৰৱ গগৈক ৪০ কোটিৰ ঠিকা প্ৰদান কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি তেওঁৰ মন্তব্য, ‘‘আজিৰ দিনত ভাৰতীয় সভ্যতা-সংস্কৃতিক বিশ্বাস কৰা মানুহে কংগ্ৰেছ দল কৰিব নোৱাৰে । প্ৰত্যেকগৰাকী ভাৰতীয় মানুহে ভাবি আছে যে বিজেপিত যোগদান কৰিব পাৰি নেকি ! কংগ্ৰেছৰ চিন্তাধাৰা বিলাক এনেকুৱা যে ঠিকা পালেই দল এৰি গুচি যায় বুলি ভাবে ।’’

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই কটাক্ষভৰা অফাৰৰ প্ৰত্যুত্তৰ কংগ্ৰেছে কিদৰে দিয়ে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক :CM Himanta Tweet : কংগ্ৰেছ দলক পুনৰ মহম্মদ আলী জিন্নাৰ মুছলিম লীগৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details