অসম

assam

Orange alert in Assam: প্ৰৱল বৰষুণৰ আগজাননি; অসমৰ কেবাখনো জিলাত অ’ৰেঞ্জ এলাৰ্ট; মেঘালয়ত ৰেড এলাৰ্ট জাৰি

By

Published : Aug 7, 2023, 1:33 PM IST

অসমৰ কেবাখনো জিলাত ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আনহাতে, মেঘালয়ত জাৰি কৰিছে ৰেড এলাৰ্ট ।

Orange alert in Assam
জিলাত অ’ৰেঞ্জ এলাৰ্ট আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি

গুৱাহাটী, 7 আগষ্ট: গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কেবাখনো জিলাত ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে । অহা 24 ঘণ্টাত কেইবাখনো জিলাত প্ৰৱলৰপৰা অতি প্ৰৱল বৰষুণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰি বতৰ বিজ্ঞান কেন্দ্ৰই ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে । ইপিনে গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে ।

অহা 24 ঘণ্টাত মেঘালয়ৰ কেইবাখনো জিলাত প্ৰৱলৰপৰা অতি প্ৰৱল বৰষুণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰি বতৰ বিজ্ঞান কেন্দ্ৰই 'ৰেড এলাৰ্ট’ জাৰি কৰিছে । গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই মেঘালয়ত 204.4 মিলিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । উল্লেখ্য যে, বায়ুমণ্ডলৰ নিম্নস্তৰত বংগোপসাগৰৰপৰা শক্তিশালী দক্ষিণাভিমুখ/ দক্ষিণ-পশ্চিমাভিমুখ বতাহৰ ফলত অহা তিনি-চাৰিদিনলৈ উত্তৰ-পূৰ্বাঞ্চললৈ জলীয় বাষ্পৰ প্ৰৱেশ অব্যাহত থাকিব ।

ইয়াৰ প্ৰভাৱত অহা তিনি-চাৰি দিন ৰাজ্যৰ বিস্তীর্ণ অঞ্চল বৰষুণৰ কৱলত পৰিব । অহা 24 ঘণ্টাত বাক্সা, বৰপেটা, গোলাঘাট, বিশ্বনাথ, ডিমা হাছাও, কৰিমগঞ্জ আৰু কাছাৰ জিলাত আৰু অহা 48 ঘণ্টাত গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, ডিমা হাছাও আৰু কাছাৰ জিলাত প্রৱল (70110 মিঃমিঃ)ৰ পৰা অতি প্ৰৱল (120-200 মিঃমিঃ) বৰষুণৰ ভৱিষ্যদ্বাণী কৰি বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলাকেইখনত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে ।

অহা 10 আগষ্টলৈ প্ৰকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱলৰপৰা অতি প্রৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

যোৱা 24 ঘণ্টাত ৰাজ্যৰ কেইখনমান চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল — ধুবুৰী 14 মিঃ মিঃ, তেজপুৰ 10 মিঃ মিঃ, গুৱাহাটী 6 মিঃ মিঃ, ডিব্ৰুগড় 3.5 মিঃ মিঃ, মঙলদৈ 6 মিঃ মিঃ, কাছাৰ 2.5 মিঃ মিঃ আৰু উত্তৰ লখিমপুৰ 6 মিঃ মিঃ । বৰষুণৰ গতি-বিধি আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি পাইছে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলস্তৰ । আনহাতে, ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নৈৰ জলস্তৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্রীয় জল আয়োগে জনোৱা মতে, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ, বৰপেটাৰ বেঁকী ৰোড ব্ৰীজত বেঁকী, ধুবুৰীৰ গোলোকগঞ্জত সোণকোষ, শোণিতপুৰৰ এন টি ৰোড ক্ৰছিঙত জীয়াভৰলী আৰু শিৱসাগৰত দিখৌ নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে । অহা 24২৪ ঘণ্টাত ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ, লখিমপুৰত সোৱণশিৰি আৰু বৰপেটাত বেঁকী নৈৰ জলস্তৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Rahul Gandhis disqualification: সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

ABOUT THE AUTHOR

...view details