অসম

assam

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

By

Published : Jun 21, 2021, 10:19 PM IST

সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিনামূলীয়া ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ মহা অভিযান প্ৰক্ৰিয়া । দৈনিক তিনি লাখ লোকক ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম নিয়োগ কৰা হৈছে ৷

mega vaccination drive started in assam from Monday
ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

নিউজ ডেস্ক, 21 জুন :ক'ভিড-১৯ ক পৰাভূত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি বৰ্ধিত টীকাকৰণ কাৰ্যসূচী(mega vaccination drive) আৰম্ভ হৈছে । দৈনিক তিনি লাখ লোকক ক'ভিড ভেকচিন (Covid vaccine) প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম নিয়োগ কৰা হৈছে । সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হয় প্ৰতিষেধক প্ৰদানৰ বিশাল কাৰ্যসূচী ।

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

দেশৰ ১৮ বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী লোককে ক’ভিডৰ প্ৰতিষেধক ছিটা প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ সোমবাৰৰ পৰা আৰম্ভ কৰা বিশেষ বিনামূলীয়া টীকাকৰণ অভিযানৰ অংশৰূপে কামৰূপ জিলাতো সোমবাৰে বিনামূলীয়া ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ মহা অভিযান আৰম্ভ কৰা হয় । প্ৰতিদিনে ১০,০০০ হাজাৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনীত হ'বলৈ জিলাখনত ১১১টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে । তদুপৰি জিলাখনত থকা ১২ টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে । সেই অনুসৰি সোমবাৰৰ দিনটোত উল্লেখযোগ্য সফলতাৰে নিৰ্ধাৰিত লক্ষ্যতকৈও অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ জিলা স্বাস্থ্য বিভাগ সক্ষম হৈছে ।

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

বাতৰি যুগুতোৱাৰ পৰলৈকে সংগৃহীত তথ্য মতে সোমবাৰে জিলাখনত এতিয়ালৈ অভিলেখক সংখ্যক ১১,৬৮৯ হাজাৰ লোকক টীকাকৰণ কৰা হৈছে । আনহাতে জিলাখনত এতিয়ালৈ সৰ্বমুঠ ৩,৩২,৯৬৭ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ২,৭৫,৬১৫ গৰাকীয়ে প্ৰথম পালি আৰু ৫৭,৩৫২গৰাকীয়ে দ্বিতীয় পালি ছিটা গ্ৰহণ কৰিছে ।

সামূহিক টীকাকৰণৰ বুজ ল’বলৈ সোমবাৰে পুৱাৰ ভাগত মহানগৰীৰ বোন্দাস্থিত বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ত থকা ক'ভিড প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ চলি থকা ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বুজ লয় । ইয়াৰ পিছতেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, আজিৰে পৰা আৰম্ভ হোৱা এই গণ টীকাকৰণ অভিযানত ১৮ বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে সামৰি লোৱা হ’ব । পূৰ্বৰ দৰে ১৮ বছৰ আৰু ৪৫ বছৰ উৰ্ধৰ দুটা ভাগত নহয় এটা ভাগতেই সকলোকে সামৰি লোৱা হ’ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

সোমবাৰে ৰহাৰ টীকাকৰণ কেন্দ্ৰও পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠৰ টীকাকৰণ কেন্দ্ৰত সোমবাৰে বিয়লি মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ টীকাকৰণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰে । মন্ত্ৰীগৰাকীয়ে ৰাজ্যত তিনি লাখ লোকক ক’ভিড প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে বুলি সদৰী কৰি ৬খন জিলাত লক ডাউনৰ যি সম্ভাৱনা সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব বুলি মন্তব্য কৰে । অৱশ্য যিবোৰ অঞ্চলত ক’ভিড পৰিস্থিত অধিক অৱনতি ঘটে তাত কঠোৰ সিদ্ধান্ত ল'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাপৰত অব্যাহত আছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চলোৱা সৰ্ববৃহৎ ক’ভিড টীকাকৰণ প্ৰক্ৰিয়া । চাপৰ স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা ১৫ টাকৈ কেন্দ্ৰত ৰাইজে স্বতঃফূৰ্তভাৱে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ওলাই আহিছে ৷ চৰাইদেউ জিলাতো সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে বিনামূলীয়া টীকাকৰণ অভিযান । আজি চৰাইদেউ জিলা তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত চেপন গাঁও পঞ্চায়তত হৈ থকা টীকাকৰণ কার্যসূচীৰ তদাৰক কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে ।

ৰাজ্যত আৰম্ভ হ'ল mega vaccination drive

টীকাকৰণ কার্যসূচীৰ তদাৰক কৰি মন্ত্ৰীজনে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে ১৮ বছৰতকৈ অধিক বয়সৰ সকলো নাগৰিকেই বিনামূলীয়াকৈ ভেকচিন লাভ কৰিব । ইফালে সোমবাৰে টীকাকৰণ অভিযানৰ প্ৰথম দিনটোতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ বিভিন্ন টীকাকৰণ কেন্দ্ৰত ক’ভিড প্রটকল ভংগ কৰা দেখা গ’ল । বিশেষকৈ মহকুমাটোৰ সৰুপথাৰৰ পদুমণি এম ই স্কুলত প্ৰশাসনে স্থাপন কৰা আদৰ্শ ক’ভিড প্ৰতিষেধক কেন্দ্ৰত ক’ভিড প্ৰট’কল পালন কৰা দেখা পোৱা নগ’ল ।

ধনশিৰি মহকুমাতে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সৰুপথাৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ক’ভিডৰ চৰকাৰী নীতি-নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে ক’ভিডক লৈ সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱা দেখা যায় ৷ বিপৰীতে কিন্তু সৰুপথাৰৰ পদুমণি এম ই স্কুলত প্ৰশাসনে স্থাপন কৰা আদৰ্শ ক’ভিড প্ৰতিষেধক কেন্দ্ৰত ভেকচিন ল’বলৈ অহা লোকৰ ক’ভিড প্ৰট’কল অমান্য কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশমৰ্মে ৰাজ্যত দিয়া হৈছে বিনামূলীয়া ভেকচিন ৷

লগতে পঢ়ক: কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ABOUT THE AUTHOR

...view details