অসম

assam

আৰক্ষী সদৰত জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰে ডিজিপিৰ বৈঠক

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:50 PM IST

আলফা স্বাধীনৰ কূটাঘাত আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দিয়া ভাবুকিৰ পাচতে বিশেষভাৱে তৎপৰ হৈ পৰিছে অসম আৰক্ষী । আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা সন্দৰ্ভত আলোচনা । আৰক্ষী সঞ্চালক প্ৰধানক দিয়া ভাবুকিকো সহজভাৱে লোৱা নাই অসম আৰক্ষীয়ে । আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰাপত্তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ কাৰ্যালয় আৰু কাহিলিপাৰাৰ চৰকাৰী বাসভৱনত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।

Meeting of DGP with ASPs of Districts at Police Headquarter
অতিৰিক্ত আৰক্ষী অধীক্ষকৰে ডিজিপিৰ বৈঠক

গুৱাহাটী, ২১ ডিচেম্বৰ :আলফা স্বাধীনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম আৰক্ষী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনৰ কূটাঘাত আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দিয়া ভাবুকিৰ পাচতে বিশেষভাৱে তৎপৰ হৈ পৰিছে অসম আৰক্ষী । ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অসম আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ।

আলফা স্বাধীনৰ সক্ৰিয়তাৰ পাচতে নিৰাপত্তাৰ দিশটোক লৈ অসম আৰক্ষীৰ অনুষ্ঠিত হৈছে বৈঠক । বৃহস্পতিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আলফা স্বাধীনৰ কূটাঘাত আৰু ভাবুকি সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয় । বৈঠকত জিলাসমূহৰ নিৰাপত্তাৰ দিশত বিশদভাৱে আলোচনা কৰা হয় । আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা সন্দৰ্ভত আলোচনা হয় বৈঠকত ।

ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । সমান্তৰালভাৱে দুৰ্গম অঞ্চলটো চলিছে আলফা স্বাধীনৰ বিৰোধী তীব্ৰ অভিযান । অসম আৰক্ষীয়ে নিৰাপত্তাৰ দিশত কোনো ধৰণৰ সুৰুঙা নাৰাখি আলফা স্বাধীনৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান । আনহাতে আৰক্ষী সঞ্চালক প্ৰধানক দিয়া ভাবুকিকো সহজভাৱে লোৱা নাই অসম আৰক্ষীয়ে । আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰাপত্তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ কাৰ্যালয় আৰু কাহিলিপাৰাৰ চৰকাৰী বাসভৱনত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ।

ইফালে গুৱাহাটী মহানগৰীতো নিৰাপত্তা ব্যৱস্থা পূৰ্বৰ তুলনাত আৰু অধিক তীব্ৰতৰ কৰি তোলা হৈছে । উল্লেখ্য যে, বিগত কেইটামান দিনত আৰক্ষী সঞ্চালক প্ৰধান আৰু আলফা স্বাধীনৰ মাজত বাক-বিতণ্ডা চলি আছিল । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনোৱাৰ সমান্তৰালভাৱে আলফা স্বাধীনেও আৰক্ষী সঞ্চালক প্ৰধানক প্ৰত্যাহ্বান জনাইছিল । লক্ষণীয় বিষয় যে, বিগত কেইটামান দিনত শিৱসাগৰ আৰু যোৰহাটত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা স্বাধীনে । তাৰ পাচতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসমৰ জনসাধাৰণক কষ্ট দিয়াতকৈ তেওঁৰ ওচৰলৈ মুকলিকৈ আহিবলৈ কৈছিল । ইয়াৰ প্ৰত্যুত্তৰত আলফা স্বাধীনে বিবৃতি যোগে কৈছিল যে, জি পি সিঙে তেওঁৰ নিৰাপত্তাত থকা খিলঞ্জীয়া যুৱক-যুৱতীসকলক আঁতৰ কৰাৰ পাচত দেখিব কি হয় । কাৰণ আলফ স্বাধীনে খিলঞ্জীয়াসকলক আক্ৰমণ নকৰে । একপ্ৰকাৰ মুকলিকৈ আৰক্ষী সঞ্চালক প্ৰধানক ভাবুকি দিছিল আলফা স্বাধীনে । ইয়াৰ পাচতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰো হৈছিল আলফা স্বাধীনৰ তিনিজনকৈ কেডাৰ । লগতে তেওঁলোকৰ পৰা উদ্ধাৰ হৈছিল অত্যাধুনিক মাৰণাস্ত্ৰ ।

আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও আৰক্ষীয়ে অভিযান চলাই আলফা স্বাধীনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে । ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলক আলফা স্বাধীনৰ সদস্য নহয় বুলি সদৰী কৰিছে আলফা স্বাধীনে । আৰক্ষীয়ে নিৰীহ যুৱকক আলফা সজাই কৃতিত্ব ল’ব বিচাৰিছে বুলি অভিযোগ কৰিছে আলফা স্বাধীনে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰে শান্তি আলোচনাৰ দিশত বিশেষ তৎপৰ হৈ থকাৰ সময়তে ৰাজ্যজুৰি আলফা স্বাধীনে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিছে আৰু আৰক্ষীয়ে চলাইছে আলফা স্বাধীন বিৰোধী অভিযান ।

লগতে পঢ়ক :প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ; অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা(স্বা)ই

ABOUT THE AUTHOR

...view details