অসম

assam

Congress Joining program: গুৱাহাটী প্রায় দুই শতাধিক লোকৰ কংগ্ৰেছত যোগদান

By

Published : Aug 18, 2023, 8:31 PM IST

গুৱাহাটীত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী ৷ যোগদান কৰা সকলৰ ভিতৰত আছে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাগৰাকীও ব্যক্তি ৷ অনুষ্ঠানত উপস্থিত থাকে সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতৃত্ব ৷

Congress Joining program
Congress Joining program

গুৱাহাটীত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটী, 18 আগষ্ট: অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত প্ৰতিষ্ঠিত লোকে শুকুৰবাৰে গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে । যোগদান কৰা লোকসকলৰ মাজত কেইবাটাও ৰাজনৈতিক দলৰ বিষয়ববীয়া, প্রাক্তন আমোলা তথা অভিযন্তাকে আদি কৰি কেইবাজনো বিভিন্ন ক্ষেত্ৰত সক্ৰিয় হৈ থকা সমাজ কর্মী আছে ।

প্রাক্তন ভাৰতীয় বন সংৰক্ষণ বিষয়া ড৹ চলমান উদ্দিন চৌধুৰী, গোলাঘাট কলেজৰ অধ্যক্ষ ড৹ আতোৱাৰ ৰহমান, এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটীৰ সদস্য ফিৰাজুল হক, প্রাক্তন বন বিষয়া কুলদীপ দাস, কার্তিক কাকতি, সজন বাছফৰ, সমীৰ বাছফৰ, টিএমটিৰ কাছাৰ জিলাৰ সাধাৰণ সম্পাদক ডাঃ ছাহনাৱাজ আহমেদে কংগ্ৰেছত যোগদান কৰে ৷

ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ পৰা মিচবাউল ইছলাম লস্কৰ, মেহবুব আহমেদ লস্কৰ, ৰাহুল আমিন লস্কৰ, ফাৰুক আহমেদ, প্রবীৰ দাস, সন্দীপ মল, অশোক ৰয়, জয়নাল উদ্দিন, সমীৰ উদ্দিন, চৈয়দ ইমৰান হুছেইন, আব্দুল হামিদ, ছাহ মহম্মদ আক্ৰাম হুছেইন, ছাৰৱাহ হুছেইন, চাদেক আলী আহমেদ, আব্দুল মতিন, চৈয়দ মোৰাদ হুছেইন, আজিবোৰ হুছেইন, আকবৰ হুছেইন চৌধুৰীয়েও কংগ্ৰেছত যোগদান কৰে ৷

উল্লেখ্য যে বিজেপি নেতা দীপক দাসৰ নেতৃত্বত, অসম গণ পৰিষদৰ নেতা কিৰণ কাকতিৰ নেতৃত্বত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক বিজেপিৰ হাফিজুদ্দিন আহমেদ, সুৰেশ দাস, দীনেশ দাস, অনুপ দাস, সুমন দাস, সমৰ দেৱ, বিকাশ মেধিকে আদি কৰি আন আন ক্ষেত্ৰৰ ১৯১ জন বিশিষ্ট ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷

নতুন সদস্যসকলে যোগদান কৰা সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক পৃথ্বীৰাজ সাথে, কাৰ্যকৰী সভাপতিত্ৰয় ৰাণা গোস্মামী, জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দে’ পুৰকায়স্থ, বিধায়িকা নন্দিতা দাস, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নৱজ্যোতি তালুকদাৰো উপস্থিত থাকে ৷

ইয়াৰ উপৰিও প্রাক্তন সাংসদ তথা উপ-সভাপতি আব্দুল হামিদ, গুণকান্ত গগৈ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, অৰুণ তিৱাৰী, সম্পাদকসকল আৰফান আলী হাজৰিকা, উমেশ ডেকা, কুলদীপ বৰ্মন, জিলা কংগ্ৰেছৰ বিষয়ববীয়া ক্ৰমে, বাসুদেৱ চৈধুৰী, উত্তম সৰকাৰ, ৰমেন শৰ্মা, দেৱজিত ডেকা, শংকৰ কলিতা, ৰেকিবুল খান, বিষ্ণু ৰায় উপস্থিত থাকে ।

লগতে পঢ়ক:Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

ABOUT THE AUTHOR

...view details