অসম

assam

Major reshuffle in Assam Police : তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ পৰা অব্যাহতি জি পি সিঙক

By

Published : Jan 22, 2023, 2:22 PM IST

Major reshuffle in Assam Police

পুনৰ অসম আৰক্ষীত ৰদ-বদল ৷ ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ শীৰ্ষ মহলত বহুকেইটা পদবীৰ ৰদ-বদলৰ কথা ঘোষণা কৰিছে (Promotion and major reshuffle at top level of Assam Police) ৷

গুৱাহাটী, ২২ জানুৱাৰী :অসম চৰকাৰে এক নিৰ্দেশ যোগে আৰক্ষীৰ শীৰ্ষ মহলত পদোন্নতি দিয়াৰ ব্যাপক ৰদ-বদল কৰিছে (Major reshuffle at top level of Assam Police) । সেই অনুসৰি আই জি পি সুৰেন্দ্ৰ কুমাৰক তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এডিজিপি হিচাপে বদলি কৰা হৈছে । আনহাতে, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তদাৰকী-দুৰ্নীতি নিবাৰক শাখাৰ পৰা অব্যাহতি দিয়া হৈছে ।

আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল

সেইদৰে আৰক্ষীৰ আই জি পি (টি এণ্ড এপি) অনুৰাগ আগৰৱালাক এডিজিপি হিচাপে পদোন্নতি দিয়া হৈছে । ডিফুৰ ডি আই জি (চি আৰ) সত্যৰাজ হাজৰিকাক বি টি আৰৰ আই জি পি হিচাপে বদলি কৰা হৈছে । আনহাতে, বি টি আৰৰ আই জি পি দিলীপ কুমাৰ দে'ক অতিৰিক্ত এই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

তিনিচুকীয়াৰ উত্তৰ-পূৱ মণ্ডলৰ ডি আই জি জিৎমল দলেক আই জি পি হিচাপে বদলি কৰা হৈছে (Major reshuffle in Assam Police)। ৰে’লৱেৰ ডি আই জি আবু ছুফিয়ানক গুৱাহাটীৰ আৰক্ষী আধুনিকীকৰণৰ আই জি পি হিচাপে নিযুক্তি দিয়া হৈছে । অসম আৰক্ষী গৃহ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাক বি আইৰ (ই অ’) আই জি পি হিচাপে নিযুক্তি দিয়া হৈছে ।

আৰক্ষীৰ শীৰ্ষ মহলত পদোন্নতি

লগতে পঢ়ক :Assam tourism: পৰম্পৰাগত সাজ-পাৰ পিন্ধি নিজকে অসমীয়া ৰূপত চোৱাৰ চেষ্টা দুই বিদেশী পৰ্যটকৰ

তেওঁ অসম আৰক্ষী গৃহ নিগম লিমিটেডৰ পৰিচালন সঞ্চালকৰ দায়িত্বতো থাকিব । নিৰাপত্তা শাখাৰ ডি আই জি ইমদাদুল হুছেইন বৰাক আই জি পিৰ দায়িত্ব দিয়া হৈছে । তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ ডি আই জি দেৱজ্যোতি মুখাৰ্জীক মধ্য সংমণ্ডলৰ আই জি পি হিচাপে বদলি কৰা হৈছে ।

আৰক্ষীৰ প্ৰশাসনিক শাখাৰ ডি আই জি প্ৰশান্ত সাগৰ চাংমাইক গুৱাহাটীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ আই জি পি হিচাপে পদোন্নতিসহ বদলি কৰা হৈছে । আনহাতে, নিম্বালকাৰ বৈভৱ চন্দ্ৰকান্তক সীমান্তৰ ডি আই জি হিচাপে নিযুক্তি দিয়া হৈছে । চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াক আই জি পি (প্ৰশাসন) হিচাপে নিযুক্তি দিয়া হৈছে ।

সেইদৰে ৰত্না সিঙক বিশেষ শাখাৰ ডি আই জি আৰু বিজয়গিৰি কুলিগামক উত্তৰ মণ্ডলৰ ডি আই জি হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক :Major reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ মহলত পদোন্নতিৰ লগতে ব্যাপক ৰদবদল

ABOUT THE AUTHOR

...view details