অসম

assam

অসম চৰকাৰৰ খৰচত ৰেডিশ্বনত থকা নাই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক: মহাৰাষ্ট্ৰৰ বিত্তমন্ত্ৰী দীপক কেশৰকাৰ

By

Published : Jun 25, 2022, 7:50 PM IST

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল অসম চৰকাৰৰ খৰচত থকা নাই ৰেডিশ্বন ব্লুত ৷ এই কথা শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিত্তমন্ত্ৰী দীপক কেশৰকাৰে (Maharatra rebel minister Deepak Kesharkar) ৷ ৰেডিশ্বন ব্লুৰ পৰা ভাৰ্চুৱেলী এক সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, "গুৱাহাটীলৈ বিমানেৰে অহা আৰু হোটেলত থকা-খোৱাৰ বাবদ যি খৰছ হৈছে সেয়া আমি সকলোৱে মিলি খৰচ কৰিছো ।"

Maharatra rebel minister Deepak Kesharkar
অসম চৰকাৰৰ খৰচত ৰেডিশ্বন ব্লুত থকা নাই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক

গুৱাহাটী, 25 জুন: গুৱাহাটীৰ ৰেডিশ্বন ব্লুত শিৱসেনাৰ বিসম্বাদী বিধায়কসকল নিজৰ খৰচত আছে বুলি শিৱসেনাৰ বিসম্বাদী বিধায়ক তথা মহাৰাষ্ট্ৰ চৰকাৰৰ বিত্তমন্ত্ৰী দীপক কেশৰকাৰে মন্তব্য কৰে (Maharatra rebel minister Deepak Kesharkar)। গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা শিৱসেনাৰ 38 গৰাকী আৰু 9 গৰাকী শিৱসেনা সমৰ্থিত নিৰ্দলীয় বিধায়কক প্ৰতিনিধিত্ব কৰি শনিবাৰে ৰেডিশ্বন ব্লুৰ পৰা জুমৰ জৰিয়তে সংবাদিকসকলক সম্বোধন কৰি দীপক কেশৰকাৰে এই মন্তব্য কৰে ৷

তেও কয়, "গুৱাহাটীলৈ বিমানেৰে অহা আৰু হোটেলত থকা-খোৱাৰ বাবদ যি খৰছ হৈছে সেয়া আমি সকলোৱে মিলি খৰচ কৰিছো (Expenditure of Maharastra MLAs in Guwahati)।" উল্লেখ্য যে, শিৱসেনাৰ বিসম্বাদী বিধায়কসকলক অসম চৰকাৰৰ খৰচত ৰখা বুলি চৰ্চিত হৈছে । বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে । ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীত এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে অসম চৰকাৰে মহাৰাষ্ট্ৰৰ বিধায়কৰ নামত টকা খৰচ কৰা নাই । কাৰোবাৰ সন্দেহ থাকিলে RTI কৰিব পাৰে (CM Himanta Biswa Sarma on Maharatra rebel MLA) ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, বিজেপি নেতা-বিধায়ক হোটেললৈ যাব পাৰে চাহ খাবলৈ, তাত কোনো বাধা নাই । সকলোৱে সকলোতে চাহ-ভাত খাব পাৰে । ভাৰতত সকলোৰে লগত সকলোৱে কথা পাতিব পাৰে । তেওঁ আৰু কয় যে, সকলোৱে সকলোৰে লগত আলোচনা কৰিব পাৰে, তাত কি আছে ।

অসমৰ টকা কোনো হোটেলৰ নামত খৰচ হোৱা নাই বুলি সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মহাৰাষ্ট্ৰৰ ইমান বেয়া অৱস্থা হোৱা নাই যে আমাৰ টকাৰ দৰকাৰ হ'ব । উল্লেখযোগ্য যে, ৰেডিশ্বন ব্লুত বৰ্তমান মুঠ 47 জন বিসম্বাদী বিধায়কে বাহৰ পাতি আছে । ইয়াৰে শিৱসেনাৰ 38 জন আৰু 9 জন নিৰ্দলীয় বিধায়ক । ইয়াৰোপৰি বুধবাৰৰ পুৱাৰে পৰা বিসম্বাদী বিধায়কৰ সোঁত এতিয়ালৈকে গুৱহাটীৰ ৰেডিশ্বন ব্লুলৈ বৈ আছে (Maharatra MLAs in Radisson Blu hotel)।

লগতে পঢ়ক:MAHA political crisis: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details