অসম

assam

Bye Bye Guwahati : এসপ্তাহৰ অন্তত গুৱাহাটী এৰি গ’লগৈ একনাথ সিন্দেৰ বিসম্বাদী গোট

By

Published : Jun 29, 2022, 5:46 PM IST

Updated : Jun 29, 2022, 7:13 PM IST

MAHA rebel MLAs left Guwahati fly for GOA
MAHA rebel MLAs left Guwahati fly for GOA

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চাৰিখন মাৰ্চিডিজ বাছেৰে ৰেডিশ্বন ব্লু হোটেলৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা হয় মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰ । গুৱাহাটীৰ পৰা পোনে পোনে গোৱালৈ যাব বিসম্বাদী বিধায়কসকল (MAHA rebel MLAs left Guwahati)।

গুৱাহাটী, ২৯ জুন : গুৱাহাটী এৰিলে শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলে । বুধবাৰে বিয়লি ৫ বজাত গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেল এৰিলে মহাৰাষ্ট্ৰৰ ৪৮ জন বিসম্বাদী বিধায়কে(MAHA rebel MLAs left Guwahati) । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৪ খন বাছেৰে ৰেডিশ্বন ব্লু হোটেলৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা হয় মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰ । গুৱাহাটীৰ পৰা পোনে পোনে গোৱালৈ যাব বিসম্বাদী বিধায়কসকল (MAHA MLAs to fly for GOA) ।

বিসম্বাদী বিধায়কসকলক বৰঝাৰলৈ সংগ দিয়ে অসমৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কে । মন্ত্ৰী পীযুষ হাজৰিকা, অশোক সিংঘাল, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক দিগন্ত কলিতাই বিসম্বাদী বিধায়কসকলক বিমানবন্দৰলৈ আগবঢ়াই লৈ যায় । গোৱালৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

এসপ্তাহৰ অন্তত গুৱাহাটী এৰি গ’লগৈ একনাথ সিন্দেৰ বিসম্বাদী গোট

৬ বজাত আটাইকেইজন বিধায়কে উৰা মাৰিব গোৱালৈ । গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা । বৰঝাৰ বিমানবন্দৰত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে বান্ধি দিয়া হৈছে বেৰিকেড ।

উল্লেখ্য যে, যোৱা বুধবাৰৰ পৰা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়কসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতে । এই সময়ছোৱাত মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ যথেষ্ট চৰ্চা চলে সমগ্ৰ দেশত ৷ প্ৰথমে 40 জন বিধায়ক আহে গুৱাহাটীলৈ ৷ পৰৱৰ্তী সময়ত এই সংখ্যা হয়গৈ 48 গৰাকী ৷

ইতিমধ্যে মহাৰাষ্ট্ৰ বিধানসভাৰ শাসকীয় দলৰ 39 গৰাকী আৰু নিৰ্দলীয় 9 গৰাকী বিধায়কে বিৰুদ্ধাচাৰণ কৰে ঠাকৰে চৰকাৰৰ ৷ লগে লগে থৰক বৰক হৈ পৰিছে মহাৰাষ্ট্ৰ চৰকাৰ ৷ মঙলবাৰে বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ৰাজ্যপালক সাক্ষাৎ কৰি অতি শীঘ্ৰে বিধানসভাৰ শক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনায় ৷

মুম্বাইৰ পৰিৱৰৰ্তে গোৱালৈ যোৱা বিধায়কসকলে নতুনকৈ কি ৰণনীতি গ্ৰহণ কৰে সেয়াও লক্ষ্যনীয় হ’ব ৷ কিয়নো ইতিমধ্যে সঞ্জয় ৰাউটে দিয়া প্ৰস্তাৱ অগ্ৰাহ্য কৰি নিজৰ স্থিতিত অটল হৈ আছে একনাথ সিন্দে ৷

লগতে পঢ়ক :কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ পূজা অৰ্চনা

Last Updated :Jun 29, 2022, 7:13 PM IST

ABOUT THE AUTHOR

...view details