অসম

assam

Maharashtra Political Crisis: ৰেডিছন ব্লুত কেক্ কাটি বিধায়কৰ জন্মদিন উদযাপন

By

Published : Jun 26, 2022, 10:15 PM IST

ৰেডিশ্বন ব্লুৰ বিসম্বাদী শিৱিৰত দেওবাৰে উদযাপন কৰা হ’ল বিধায়কৰ জন্মদিন ৷ ৰাজনৈতিক ৰণকৌশলত ব্যস্ত থকাৰ মাজতে শিৱিৰৰ সকলোৱে কেক কাটি উদযাপন কৰিলে জন্মদিন ৷

Maharashtra Political Crisis
ৰেডিছন ব্লুত দুজনকৈ বিধায়কৰ জন্মদিন উদযাপন

গুৱাহাটী, ২৬ জুন : গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আশ্ৰয় লোৱা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে ৰাজনৈতিক সংকটৰ মাজতে উদযাপন কৰিছে জন্মদিনৰ পাৰ্টী (Maharashtra MLAs birthday in Radisson Blu)। লক্ষণীয়ভাৱে বৰ্তমান ৰেডিশ্বন ব্লুৰ ভিতৰচৰাত সংঘটিত প্ৰতিটো ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে । যাৰবাবে জন্মদিনৰ প্ৰসংগও বাতৰি হৈছে ।

বৰ্তমান সময়ত গুৱাহাটীৰ ৰেডিশ্বন ব্লু দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । গুৱাহাটীৰ হোটেল ৰেডিশ্বনত বাহৰ পতা বিসম্বাদী বিধায়কসকলে বিগত পাঁচদিন ধৰি মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰৰ পতন ঘটোৱাৰ বাবে উঠিপৰি লাগিছে (Maharashtra Political Crisis)। বৈঠকৰ পাছত বৈঠক অনুষ্ঠিত কৰি চৰকাৰ ভঙা-পতাৰ ৰণকৌশল চলাই আহিছে ।

ইয়াৰ মাজতে তেওঁলোকে উদযাপন কৰিছে জন্মদিন । আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীৰ লগতে কামাণ্ডো বাহিনীয়ে ঘেৰি থকা আৰু দূৰ্গসদৃশ হৈ পৰা ৰেডিশ্বন ব্লুত এনে এক পৰিৱেশৰ মাজতে পুৰাদমে চলিছে জন্মদিনৰ পাৰ্টী ।

ৰেডিছন ব্লুত দুজনকৈ বিধায়কৰ জন্মদিন উদযাপন

বিগত পাঁচদিন ধৰি হোটেল ৰেডিছন ব্লুত আবদ্ধ হৈ আছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়কসকল । তাৰ মাজৰেই বিধায়ক বিধায়ক নৰেন্দ্ৰ ভণ্ডেকাৰৰ জন্মদিন উদযাপন কৰা হ’ল বিসম্বাদীৰ শিৱিৰটোত ৷ ইয়াৰোপৰি দেওবাৰৰ দিনটোতে চত্ৰপতি শ্বাহু মহাৰাজৰ জন্মোৎসৱো উদযাপন কৰা হ’ল শিৱিৰটোত ।

হোটেল ৰেডিশ্বন ব্লুত বিসম্বাদী নেতা একনাথ সিন্দেৰ(Eknath Shinde) নেতৃত্বত থকা বিধায়কসকলে দেওবাৰে নৰেন্দ্ৰ ভণ্ডেকাৰৰ(Narendra Bhondekar birthday) জন্মদিন উদযাপন কৰে ৷ জন্মদিনৰ কেক কটাৰ পাছত একনাথ সিন্দেই কেক খুৱালে বাৰ্থডে বয় নৰেন্দ্ৰ ভণ্ডেকাৰক । ইয়াৰ লগতে চত্ৰপতি শ্বাহু মহাৰাজৰ(Chhatrapati Shahu Maharaj birth anniversary) জন্মোৎসৱো উদযাপন কৰে বিসম্বাদী বিধায়কসকলে ৷

আনহাতে নৰেন্দ্ৰ ভণ্ডেকাৰে একনাথ সিন্দেক সেৱা কৰি আশীৰ্বাদ লয় । উপস্থিত সকলোৱে নৰেন্দ্ৰ ভণ্ডেকাৰক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । এনেদৰে ৰাজনৈতিক সংকটৰ মাজতে বিসম্বাদী বিধায়কসকলে পৰস্পৰৰ মাজত আনন্দ-ফূৰ্তি কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:ৰেডিশ্বনলৈ আৰু এজন বিসম্বাদীৰ আগমণ : অংক 47+1

ABOUT THE AUTHOR

...view details